ফাঁচীৰ ৰায়ত আনন্দিত নিৰ্ভয়াৰ পিতৃ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ মঙলবাৰে সুদীৰ্ঘ সাত বছৰৰ অন্তত নিৰ্ভয়া কাণ্ডৰ ৪ অভিযুক্তৰ ফাঁচীৰ নিৰ্দেশ দিয়ে পাটিয়ালা হাউছ ক’ৰ্টে । ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচী দিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ ৪ ধৰ্ষণকাৰীক ।

ন্যায়ালয়ৰ এই ৰায়ৰ পিচতেই এতিয়া আনন্দিত হৈ পৰিছে নিৰ্ভয়া কাণ্ডৰ ভুক্তভোগীৰ পিতৃ বদ্ৰীনাথ সিং । মঙলবাৰে এই ৰায়ত সুখী বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে পিতৃয়ে । এই সিদ্ধান্তই পৰৱৰ্তী সময়ত অপৰাধীসকলক ন্যায়ালয়ৰ প্ৰতি শংকিত কৰি ৰখাৰ লগতে অপৰাধ সংঘটিত কৰাৰ পৰা বিৰত ৰাখিব বুলিও মন্তব্য কৰে বদ্ৰীনাথ সিঙে ।

উল্লেখ্য যে, নিৰ্ভয়া কাণ্ডৰ চাৰি হত্যাকাৰী – মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা আৰু অক্ষয় ঠাকুৰক সাত বছৰৰ অন্তত ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰে মঙলবাৰে । ইতিমধ্যে ডেথ ৱাৰেণ্ট জাৰি কৰিছে আদালতে । ইফালে, নিৰ্ভয়াৰ মাতৃয়ে কয় যে, মোৰ কন্যাই ন্যায় পালে আৰু এয়া ভাৰতৰ প্ৰতিগৰাকী নাৰীৰ জয় ।

Featured
Comments (0)
Add Comment