বঞ্চনাৰ অন্ত পৰিব বাংলাদেশৰ ৩ কোটি হিন্দুৰঃ বাংলাদেশৰ হিন্দু নেতাৰ মিশ্রিত প্রতিক্রিয়া

বিজেপি চৰকাৰক অভিনন্দন বাংলাদেশ হিন্দু মহাজোঁটৰঃ হিন্দু–বৌদ্ধ–খ্রীষ্টান ঐক্য পৰিষদৰ উদ্বেগ

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদৰ দুয়ো সদনতে গৃহীত হোৱাৰ পিছত বাংলাদেশৰ হিন্দু নেতাসকলে মিশ্রিত প্রতিক্রিয়া প্রকাশ কৰিছে ৷ কিছুসংখ্যক নেতাই এই বিল গৃহীত কৰাত ভাৰতৰ বিজেপি চৰকাৰক অভিনন্দন জনোৱাৰ বিপৰীতে আন একাংশ নেতাই এই আইনক লৈ আশংকা প্রকাশ কৰি সংশোধনৰ দাবী কৰিছে ৷

বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব গোবিন্দ প্রামাণিকে সংশোধিত নাগৰিকত্ব বিধেয়ক গৃহীত কৰাত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ কয় যে এই আইনৰ বাবে ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত ভাৰতৰ পৰা বাংলাদেশলৈ অহা প্রায় ৩ কোটি হিন্দু ধর্মৰ লোকৰ দীর্ঘদিনৰ বঞ্চনা দূৰ হ’ব আৰু ভাৰতৰ নাগৰিকত্বৰ অধিকাৰ লাভ কৰিব ৷

আনহাতে, অসমৰ এন আৰ চিত বাদ পৰা ১৯ লাখ লোকৰ পৰা ১২ লাখ হিন্দুৰ নাগৰিকত্বৰ সমস্যা দূৰ হ’ব ৷ ইফালে, বাংলাদেশ হিন্দু–বৌদ্ধ–খ্রীষ্টান ঐক্য পৰিষদে নাগৰিকত্ব আইনৰ প্রতি মৌন সমর্থন জনালেও কিছু উদ্বেগো প্রকাশ কৰিছে ৷ শুকুৰবাৰে ঢাকাত অনুষ্ঠিত এখন সংবাদ মেলত বাংলাদেশ হিন্দু–বৌদ্ধ–খ্রীষ্টান ঐক্য পৰিষদৰ সাধাৰণ সম্পাদক ৰাণা দাসগুপ্তই এই আইনৰ সংশোধনৰ দাবী কৰিছে ৷ ১৯৪৭ চনৰ পৰা বর্তমান পর্যন্ত বাংলাদেশত সংখ্যালঘুৰ পৰিসংখ্যা তুলি ধৰি তেওঁ কয় যে ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত বাংলাদেশ অংশত ধর্মীয় সংখ্যালঘুৰ সংখ্যা আছিল ২৩ শতাংশৰ বেছি ৷

বাংলাদেশ স্বাধীন হোৱাৰ সময়ত এই পৰিমাণ কমি ৯ শতাংশৰ তললৈ নামে ৷ নাগৰিকত্ব আইন গৃহীত হোৱাৰ পিছত হিন্দু লোকসকলে নাগৰিকত্বৰ আশাত ভাৰতলৈ যাব বুলি আশংকা প্রকাশ কৰে হিন্দু নেতাজনে ৷ আইনখনৰ সমর্থন জনালেও ইয়াৰ কিছু সংশোধনৰো দাবী জনায় ৷ উল্লেখ্য যে ভাৰতে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পিছত বাংলাদেশ চৰকাৰেও প্রতিক্রিয়া প্রকাশ কৰি বিদেশ মন্ত্রী আৰু গৃহমন্ত্রীৰ নির্ধাৰিত ভাৰত ভ্রমণ বাতিল কৰিছিল ৷

Comments (0)
Add Comment