বনজুইত দুই সহস্রাধিক বাসগৃহ ধ্বংস অষ্ট্রেলিয়াত

মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ অষ্ট্রেলিয়াত দুমাহ ধৰি চলি থকা ভয়াৱহ বনজুইত পুৰি ছাই হৈছে দুই সহস্রাধিক বাসগৃহ ৷ শেহতীয়াকৈ নিউ ছাউথ ৱেলছৰ এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ লক্ষণীয়ভাৱে দুমাহ ধৰি চলি থকা বনজুয়ে ভিক্টোৰিয়া আৰু নিউ ছাউথ ৱেলছৰ বিস্তৰ ক্ষতিসাধন কৰিছে ৷ ৫০ লাখতকৈ অধিক জীৱ–জন্তু তথা পক্ষীৰ মৃত্যু হৈছে এই বনজুইৰ ফলত ৷ ইফালে কমপক্ষেও ২৫গৰাকী লোকৰ মৃত্যু হোৱা বুলি চৰকাৰে সদৰী কৰিছে ৷ নিউ ছাউথ ৱেলছত ডেৰ সহস্রাধিক বাসগৃহ বিধ্বস্ত হোৱাৰ বিপৰীতে ভিক্টোৰিয়াত পাঁচ শতাধিক বাসগৃহ পুৰি ছাই হোৱা বুলি সদৰী কৰিছে চৰকাৰে ৷ সোমবাৰে নিউ ছাউথ ৱেলছ আৰু ভিক্টোৰিয়াত বৃষ্টিপাতে বনজুই নির্বাপনৰ ক্ষেত্রত কিছু আশা কঢ়িয়াই আনিছিল যদিও অগ্নি নির্বাপক বিভাগে আগন্তুক দিনবোৰত বনজুয়ে বিভীষিকাৰ ৰূপ ধাৰণ কৰিব বুলি সতর্কবাণী কৰিছে ৷ স্মর্তব্য যে বনজুইৰ বাবেই কেইবাহাজাৰো লোকে সমুদ্রৰ জলৰাশিলৈ পলায়ন কৰিবলগীয়া হৈছিল ৷

Comments (0)
Add Comment