বন্ধৰ সময়ত বাছ চালকৰ অনন্য কৌশল, মূৰত পিন্ধি ল’লে হেলমেট

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আজি দেশজুৰি ট্ৰেড ইউনিয়নে আহ্বান কৰিছে সাধাৰণ ধৰ্মঘট-চকাবন্ধ । এই বন্ধৰ সময়ত সমগ্ৰ দেশৰ লগতে অসমতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গ’ল ।

কিন্তু এই সময়ছোৱাত পশ্চিমবংগত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰম দৃশ্য । ৰাজ্যখনৰ ৰাজ্যিক পৰিবহণ বিভাগৰ এজন বাছ চালকে শিলিগুৰীত বন্ধৰ সময়ত নিজৰ সুৰক্ষাৰ বাবে হেলমেটত পিন্ধি বাছ চলাবলৈ ওলাই আহিল ।

বিশেষকৈ বন্ধৰ সময়ত চলাচল কৰা যানবাহনসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যিকোনো বিক্ষিপ্ত ঘটনা সংঘটিত হয় । এনে কোনো ভয়ংকৰ ঘটনাৰ আশংকা কৰিয়ে এই বাছ চালকজনে নিজকে সুৰক্ষা দিবৰ বাবে মূৰত হেলমেট পৰিধান কৰে ।

উল্লেখ্য যে পশ্চিমবংগ পৰিবহণ বিভাগে ঘোষণা কৰিছিল যে বুধবাৰে কেন্দ্রীয় চৰকাৰৰ অর্থনৈতিক নীতিৰ বিৰুদ্ধে বিভিন্ন ট্রেড ইউনিয়ন সমর্থিত দেশব্যাপী ধর্মঘটৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত অতিৰিক্ত ২২ শতাংশ বাছ চলাচল কৰিব।

bharat bandhFeatured
Comments (0)
Add Comment