বলাৎকাৰীৰ ৰূপত এজন চিকিৎসকঃ দুই শতাধিক নিৰ্যাতনৰ ঘটনাত জড়িত এওঁ কোন ?

২৫০ তকৈ অধিক শিশুক যৌন নিৰ্যাতন ফ্ৰান্সৰ এজন চিকিৎসকৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ফ্ৰান্সত শিশুক যৌন নিৰ্যাতনৰ দৰে সবাতোকৈ ঘৃণনীয় গোচৰত প্ৰাক্তন চিকিৎসক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । ৬৮ বছৰীয়া জুৱেল লে স্কুৱাৰনাক নামৰ প্ৰাক্তন চিকিৎসকগৰাকীয়ে কৰ্মৰত অৱস্থাত ২৫০ তকৈ অধিক শিশুক নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে চিকিৎসকগৰাকীৰ ডায়েৰীৰ পৰা । বৰ্তমান চুবুৰীয়াৰ কন্যা এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত কাৰাবন্দী হৈ থকা প্ৰাক্তন চিকিৎসকগৰাকীয়ে ফান্সৰ মধ্য আৰু পশ্চিম প্ৰান্তত চিকিৎসালয়ত কৰ্মৰত অৱস্থাত তিনি দশক ধৰি ২৫০ তকৈ অধিক শিশুক যৌন নিৰ্যাতন চলাইছিল । চিকিৎসকজনৰ যৌন নিৰ্যাতনৰ ভুক্তভোগীৰ এজন অধিবক্তাই প্ৰকাশ কৰা মতে, ১৮১ শিশুক যৌন নিৰ্যাতন চলালেও ইয়াৰ অধিকাংশই ভয়তে আনুষ্ঠানিকভাৱে চিকিৎসকগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা নাছিল । সেইবাবেই চিকিৎসকগৰাকী হাত সাৰি গৈছিল যদিও অৱশেষত চুবুৰীয়াৰ কন্যাক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিছিল আৰু তাৰ পিছতেই সমস্ত কু-কৰ্ম পোহৰলৈ আহিছে ।