বলিউডৰ বাবেই যৌন অপৰাধ বাঢ়িছে পাকিস্তানত

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ পাকিস্তানত বৃদ্ধি পোৱা যৌন অপৰাধৰ বাবে এতিয়া মূলতঃ দায়ী ভাৰতবৰ্ষ । এই দাবী আমাৰ নহয় , এই দাবী হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ । পাকিস্তানৰ এটা ডিজিটেল সংবাদমাধ্যমত হোৱা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

এই সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী ইমৰান খানে দেশৰ অৰ্থনীতি-সমাজ স্খলনৰ বাবে দায়ী কৰিলে মোবাইল ফোনৰ অবাধ প্ৰচলনক । কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত বৃদ্ধি পোৱা মোবাইল ব্যৱহাৰৰ প্ৰচলন । বিদ্যালয়ত ড্ৰাগছৰ দ্ৰুত প্ৰচলন আৰু পৰ্ণগ্ৰাফী অবাধ প্ৰচলনকে দায়ী কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

কথা প্ৰসংগত ইমৰান খানে কয় আমাৰ দেশত যি সমূহ বিনোদনধৰ্মী ছবি হয় সেয়া প্ৰথমে আহে হলিউডৰ পৰা । হলীউডৰ পৰা পোনে পোনে বলিউডলৈ আহে এই প্ৰভাৱ । বলিউডৰ প্ৰতিখন বিনোদনধৰ্মী ছবিৰ প্ৰভাৱ বাৰুকৈয়ে পৰে আমাৰ পাকিস্তানত । এইয়া হৈছে আমাৰ সামাজিক সমস্যা সৃষ্টিৰ মূল কাৰণ । বলিউডত যিবোৰ চিত্ৰনাট্য নিৰ্মাণ কৰা হয় সেই সংস্কৃতিৰ লগত আমাৰ দেশৰ কোনো মিল নাই গতিকে আমাৰ সমাজক বিপথগামী কৰিব পৰা বলিউডৰ বিপৰীতে আমি গঢ়িব লাগিব অন্য কাহিনী ।

Featured
Comments (0)
Add Comment