বাতৰিকাকতৰ জিএছটিৰে টিভিৰ বাতৰি সম্প্রসাৰণৰ জিএছটিৰ সমতা অনাৰ আহ্বান

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ এনবিএফৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নিউজ ব্র’ডকাষ্টার্ছ ফেডাৰেচন (এনবিএফ)ৰ কার্যকৰী সমিতিয়ে শুকুৰবাৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰি জিএছটি সন্দর্ভত এক পৰামর্শ পত্র প্রদান কৰে ৷ এনবিএফৰ সভাপতি অর্ণৱ গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে বাতৰিকাকত উদ্যোগৰ বাবে নির্ধাৰণ কৰা জিএছটিৰ সৈতে টিভিৰ বাতৰি সম্প্রচাৰণৰ জিএছটিৰ সমতা অনাৰ বাবে অনুৰোধ জনায় ৷ বৈঠকত সভাপতি অর্ণৱ গোস্বামীয়ে টিভি নিউজ আৰু বাতৰিকাকত ব্যৱসায়ীৰ দিশবোৰ উল্লেখ কৰি দুয়োটা ক্ষেত্রত জিএছটিত সমতাৰ প্রয়োজনীয়তা আঙুলিয়াই দিয়ে ৷ উল্লেখ্য যে বর্তমান সময়ত বাতৰিকাকতৰ ক্ষেত্রত ৫ শতাংশ জিএছটি নির্ধাৰণ হোৱাৰ বিপৰীতে টিভিৰ বাতৰি সম্প্রচাৰণৰ বাবে ১৮ শতাংশ জিএছটি আদায় দিব লগা হয়৷ সেয়েহে এইক্ষেত্রত সমতাৰ দাবী তোলে এনবিএফে৷ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে এনবিএফৰ প্রতিনিধি দলটোৰ বক্তব্য মনোযোগেৰে শুনাৰ লগতে তেওঁলোকে আগবঢ়োৱা পৰামর্শসমূহ গ্রহণ কৰে আৰু ইয়াক কার্যকৰী কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিয়ে৷ আজি এনবিএফৰ প্রতিনিধি দলটোৰ সৈতে সভাপতি অর্ণৱ গোস্বামী, উপ–সভাপতি জাগি এ পাণ্ডা, সঞ্জীৱ নাৰায়ণ, মহাসচিব আৰ জয় কৃষ্ণা উপস্থিত থাকে ৷

Comments (0)
Add Comment