বিতর্কৰ মাজতে আফগানিস্তানত ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল ঘোষণা

আফগানিস্তানত আশ্রফ ঘানিৰ পুনৰ বিজয়

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ আফগানিস্তানত ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে পুনৰ এটা কার্যকাল ক্ষমতাত থকাটো নিশ্চিত হৈ পৰিছে ৷ যোৱা ২৮ ছেপ্টেম্বৰত দেশখনত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্রপতি নির্বাচনৰ প্রাথমিক ভোটগণনাতেই নির্বাচন আয়োগে ঘানিৰ বিজয় নিশ্চিত বুলি ঘোষণা কৰিছে ৷ নির্বাচন আয়োগৰ মুৰব্বী হাৱা আলম নুৰিষ্টানিয়ে এখন সংবাদ মেলত ঘোষণা কৰা অনুসৰি, প্রাথমিক পর্যায়ৰ ভোটগণনাত ৫০.৬৪ শতাংশ ভোট লাভ কৰিছে ৰাষ্ট্রপতি ঘানিয়ে ৷

উল্লেখনীয় যে দীর্ঘদিন ধৰি ভোটগণনাৰ ক্ষেত্রত বিলম্ব হৈ আহিছে ৷ ইয়াৰ কাৰণ হৈছে বিভিন্ন পক্ষই নির্বাচনত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ আনিছিল ৷ ইয়াৰ উপৰি বেলট গণনাৰ ক্ষেত্রত কাৰিকৰী সমস্যা আহি পৰাৰ বাবেই আয়োগে ফলাফল ঘোষণা কৰিবলৈ সক্ষম হোৱা নাছিল ৷ এই নির্বাচনত আশ্রফ ঘানিক নিকটতম প্রতিদ্বন্দ্বী আব্দুল্লা আব্দুল্লাই তীব্র প্রত্যাহ্বান জনাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও আয়োগৰ তৰফৰ পৰা প্রার্থীগৰাকী ঘানিৰ ওচৰ চাপিবই নোৱাৰিলে বুলি স্পষ্ট কৰি দিছে ৷ উল্লেখনীয় যে দেশখনৰ ৰাষ্ট্রীয় ঐক্য চৰকাৰৰ মুখ্য কার্যবাহী হিচাপে দায়িত্ব পালন কৰিছিল আব্দুল্লা আব্দুল্লাই৷ এই নির্বাচনী ফলাফলে আফগানিস্তানত আশ্রফ ঘানিৰ দায়িত্ব বৃদ্ধি কৰিছে ৷

Comments (0)
Add Comment