বিশাল ৰোড শ্ব’ৰে মনোনয়ন দাখিল অৰবিন্দ কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে সোমবাৰে এক বিশাল ৰোড শ্ব’ৰ মাজেৰে দাখিল কৰে মনোনয়ন পত্ৰ । আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা বুলি উল্লেখ কৰে কেজৰিৱালে ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘বিগত পাঁচ বছৰত দিল্লীবাসীৰ বাবে আমি যি কাম কৰিছোঁ তাক লৈ মই সুখী । মই ভাবো যে দিল্লীবাসীয়ে পৰৱৰ্তী পাঁচবছৰৰ বাবেও আমাক কাম কৰাৰ সুবিধা দিব ।’

নিজৰ মনোনয়ন দাখিলৰ পূৰ্বে সোমবাৰে পিতৃৰ আৰ্শীবাদ গ্ৰহণ কৰে অৰবিন্দ কেজৰিৱালে । ইতিমধ্যে আম আদমী পাৰ্টীয়ে দিল্লীৰ ৭০ টা বিধানসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইয়াৰ ভিতৰত নতুন দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী অৰবিন্দ কেজৰিৱালে ।

Featured
Comments (0)
Add Comment