বিশ্বজুৰি প্রাণঘাতী ক’ৰোনাৰ বলি সহস্রাধিক

নিয়মীয়া বাৰ্তা ১২ ফেব্রুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যাই ইতিমধ্যে ১০০০ সীমা অতিক্রম কৰিছে৷ চীনৰ হুবেই প্রদেশত নতুনকৈ ১০৩গৰাকী লোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে বেইজিং প্রশাসনে৷ ইফালে বিশ্বজুৰি এই ভাইৰাছবিধৰ সংক্রমণত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১০১৩গৰাকীলৈ বৃদ্ধি পাইছে৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই সদৰী কৰা অনুসৰি বিভিন্ন দেশত ক’ৰোনা ভাইৰাছত নতুনকৈ সংক্রমিত হোৱা লোকৰ তথ্য পোহৰলৈ আহিছে৷ স্মর্তব্য যে চীনৰ হুবেই প্রদেশৰ ৱুহান চহৰত এই মাৰাত্মক ভাইৰাছবিধে মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছতে বিভিন্ন ক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ কৰিছে বেইজিং প্রশাসনে৷ ক’ৰোনা সংক্রমিত লোকৰ মৃত্যুৱে এহাজাৰৰ সীমা অতিক্রম কৰাৰ লগে লগে বেইজিং প্রশাসনে কেইবাগৰাকীও জ্যেষ্ঠ স্বাস্থ্য বিষয়াক অপসাৰণ কৰিছে৷ অপসাৰিত এই বিষয়াসকলৰ ভিতৰত আছে হুবেই স্বাস্থ্য আয়োগৰ সচিবগৰাকীও৷ অকল সেয়াই নহয়, এই জ্যেষ্ঠ বিষয়াসকলৰ পদমর্যাদা কর্তন কৰি কনিষ্ঠ কর্মীৰ দায়িত্বত কাম কৰিবলৈ নির্দেশ দিছে৷ চীনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগৰ তৰফৰ পৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত জ্যেষ্ঠ বিষয়াসকলে সঠিকভাৱে কর্তব্য পালন কৰা নাই বুলি অভিযোগ অনা হৈছে৷ ইফালে, ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত ৱুহানৰ ১০.৫৯ নিযুতৰ স্বাস্থ্য ইতিমধ্যে পৰীক্ষা কৰা হৈছে৷ শাসনাধিষ্ঠিত কমিউনিষ্ট দলৰ এক বিবৃতিত আজি সদৰী কৰা হৈছে এই তথ্য৷ ৱুহানত যাতে এগৰাকীও ক’ৰোনা সংক্রমিত লোক চিকিৎসা অবিহনে থাকিব নোৱাৰে তাৰ বাবেই এই তৎপৰতা গ্রহণ কৰিছে চৰকাৰে৷

Comments (0)
Add Comment