বিশ্বত ৪২ হাজাৰ কোটি ডলাৰৰ অস্ত্ৰ বাণিজ্য

ছুইডেনৰ সংস্থা এছআইপিআৰআইৰ প্ৰতিবেদনঃ৫৯ শতাংশৰে শীৰ্ষত আমেৰিকা

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ বিশ্বজুৰি অস্ত্রৰ বাণিজ্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ২০১৮ বর্ষটোত বিশ্বত আগ্ণেয়াস্ত্রৰ বিক্রী বৃদ্ধি পাইছে পূর্বৰ বছৰটোৰ তুলনাত ৫ শতাংশ বেছি৷ শেহতীয়াকৈ ছুইডেনৰ ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইনষ্টিটিউট (এআইপিআৰআই)ৰ প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ সংস্থাটোৰ তথ্য অনুসৰি, বিশ্বৰ ১০০ বৃহৎ অস্ত্র নির্মাণকাৰী সংস্থাই বর্ষটোত বাণিজ্যত আহৰণ কৰিছে ৪২ হাজাৰ কোটি ডলাৰ৷ ইয়াৰ সিংহভাগ মুনাফা আদায় কৰিবলৈ সক্ষম হৈছে আমেৰিকাই৷ অর্থাৎ অস্ত্রৰ বজাৰখনত সমৃদ্ধিৰ শিখৰত আছে আমেৰিকা৷ বর্ষটোত অস্ত্রৰ বাণিজ্যৰ ৫৯ শতাংশত অংশীদাৰিত্ব আছিল মার্কিন কোম্পানীবোৰৰ৷ অর্থাৎ মুঠ বাণিজ্যৰ ২৪,৬০০ কোটি ডলাৰেই হৈছে মার্কিন অস্ত্র নির্মাণ কোম্পানীবোৰৰ৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বৰ বর্ষটোৰ তুলনাত ২০১৮ত আমেৰিকাৰ অস্ত্র বাণিজ্য বৃদ্ধি পাইছে ৭.২ শতাংশ৷ এছআইপিআৰআইৰ সঞ্চালক আউডে ফ্লাৰাণ্টে উল্লেখ কৰা অনুসৰি, প্রতিবছৰে আমেৰিকাই অস্ত্র বাণিজ্যৰ জৰিয়তে বিশ্বৰ ভিতৰতে অধিক ধন লাভ কৰিবলৈ সক্ষম হৈছে৷ এছআইপিআৰআই অস্ত্র তথা সামৰিক ব্যয় কার্যসূচীৰ শিতানৰ সঞ্চালকৰ দায়িত্বত থকা ফ্লাৰাণ্টে সংবাদ সংস্থা এএফপিক জনোৱা অনুসৰি, ট্রাম্প প্রশাসনে দেশখনত সশস্ত্র সেৱাত অস্ত্রৰ আধুনিকীকৰণৰ সিদ্ধান্ত লোৱাৰ পিছতে দেশখনৰ কোম্পানীসমূহৰ মুনাফা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ চীন আৰু ৰাছিয়াৰ অস্ত্র বাণিজ্যক বহু পিছ পেলাই থৈছে আমেৰিকাই৷ স্মর্তব্য যে ক্ষুদ্র আগ্ণেয়াস্ত্রৰ বাণিজ্যৰ ক্ষেত্রতো কেইবাদশক ধৰি আমেৰিকাই লাভ কৰি আহিছে শীর্ষ স্থান৷ ড’নাল্ড ট্রাম্প দেশখনৰ ৰাষ্ট্রপতি হোৱাৰ পিছৰে পৰা অস্ত্রৰ বাণিজ্যত অধিক গুৰুত্ব দিছে আমেৰিকাই৷

Comments (0)
Add Comment