বিশ্বৰ আটাইতকৈ বয়সিয়াল গঁড় ফাউষ্টাৰ মৃত্যু

এনগোৰোনগোৰোৰ অভয়াৰণ্যত শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ বিশ্বৰ আটাইতকৈ বয়সিয়াল গঁড়টোৰ মৃত্যু হৈছে টাঞ্জানিয়াত ৷ দেশখনৰ এনগোৰোনগোৰোৰ অভয়াৰণ্যত ১৯৬৫ চনত প্রথমবাৰলৈ দেখিবলৈ পোৱা গৈছিল এই মাইকী গঁড়টোক ৷ তেতিয়া গঁড়টোৰ বয়স আছিল ৩ বছৰ ৷ সুদীর্ঘ ৫০ বছৰ ধৰি অৰণ্যত মুক্তভাৱে বিচৰণ কৰাৰ পাছত বিগত কেইবছৰমান ধৰি অভয়াৰণ্যত গঁড়টোক ৰখা হৈছিল ৷ এই সময়ছোৱাত ফাউষ্টা নামৰ বয়সিয়াল গঁড়টোক বিভিন্ন চিকিৎসা প্রদান কৰিছিল টাঞ্জনিয়া চৰকাৰে ৷ ২০১৬ চনত গঁড়টোৱে দৃষ্টিশক্তি হেৰুৱালৈ ধৰে ৷ হায়েনাৰ আক্রমণৰ বাবে শৰীৰৰ বিভিন্ন অংগত আঘাত পাইছিল ফাউষ্টাই ৷ অভয়াৰণ্যৰ চিকিৎসক ফ্রেডী মাননগীয়ে সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি ২০১৬ৰ পৰাই গঁড়টোক বিশেষ চিকিৎসা প্রদান কৰি থকা হৈছিল ৷ ৫৭ বছৰীয়া গঁড়টোৰ মৃত্যুৰ লগে লগে টাঞ্জনিয়াত বন্যপ্রাণীপ্রেমীসকলৰ মাজত শোকৰ ছাঁ পৰিছে ৷ লক্ষণীয়ভাৱে ফাউষ্টাৰ মৃত্যুৰ সময়তে এনগোৰোনগোৰোৰ অভয়াৰণ্যত জন্ম হৈছে এটি গঁড় পোৱালিৰ ৷

Comments (0)
Add Comment