বিষয় অধ্যাপক ফিৰোজ খানঃ প্ৰতিবাদৰ মাজতে মুকলি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰঃ দুসপ্তাহৰ পাচত মুকলি হ’ল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ । অৱশ্যে বিভাগ মুকলিৰ পিচতো অব্যাহত আছে ছাত্ৰ সমাজৰ প্ৰতিবাদ । বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ মান বজাত অধ্যাপক সকলৰ উপস্থিতিত বিভাগ মুকলি কৰা হয় যদিও ছাত্ৰ সমাজৰ একাংশই তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুমকি দিয়ে । উল্লেখ্য যে, যোৱা পাঁচন নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ সংস্কৃত বিভাগত নিয়োগ কৰা হৈছিল মুছলিম অধ্যাপক ফিৰোজ খানক । ফিৰোজ খানৰ এই নিযুক্তিৰ পাচতেই একাংশই শিক্ষাৰ্থীয়ে অধ্যাপকগৰাকীক বৰ্খাস্ত কৰাৰ দাবী তোলে । ইফালে আন একাংশই ফিৰোজ খানৰ সমৰ্থনত বিক্ষোভ প্ৰদৰ্শন কৰি , আমি আপোনাৰ লগত আছোঁ বুলিও প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰে এইসকল সমৰ্থকে । মুঠৰ ওপৰত ফিৰোজ খানৰ নিযুক্তি বিষয়টোত এতিয়া দুটা ভাগত বিভক্ত হৈছে বেনাৰস হিন্দু বিশ্ববিদ্যালয় সমাজ ।

ফিৰোজ খানৰ সমৰ্থনত প্ৰতিবাদ শিক্ষাৰ্থীৰ

অধ্যাপক ভগৱত স্বৰূপ শুক্লই এই সন্দৰ্ভত ক’লে – শাস্ত্ৰ আৰু বেদৰ ওপৰত গুৰুত্ব দিয়া সংস্কৃত বিভাগৰ বাবে ফিৰোজ খান অত্যন্ত দক্ষ । তেওঁ বিএইইউৰ ঐতিহ্য বৰ্তাই ৰাখিব পাৰিব বুলি মন্তব্য কৰা লগতে এই নিযুক্তি প্ৰক্ৰিয়াত কোনো ভুল নাই বুলিও উল্লেখ কৰে অধ্যাপকজনে । ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্পষ্টকৈ উল্লেখ কৰে যে, এই সিদ্ধান্ত ভৱিষ্যতেও বাহাল থাকিব, ইয়াক কোনো পৰিৱৰ্তন নহয় ।

ফিৰোজ খানক বৰ্খাস্তৰ দাবীত প্ৰতিবাদ শিক্ষাৰ্থীৰ

যোৱা ৫ নৱেম্বৰতে নিযুক্তি লাভ কৰা অধ্যাপক ফিৰোজ খানে বৰ্তমালৈকে এটা দিনও পাঠদান কৰিব পৰা নাই । বিশ্ববিদ্যালয়ত বিষয়টো লৈ সপক্ষে আৰু বিপক্ষে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দেশৰ অন্যতম সংস্কৃত পণ্ডিত প্ৰফেছাৰ ৰাধাবল্লভ ত্ৰিপাঠীয়ে উল্লেখ কৰে যে, এই পদটিৰ বাবে ফিৰোজ খানেই হৈছে একমাত্ৰ যোগ্য । কিছুলোকে স্বাৰ্থ-চৰিতাৰ্থৰে সমস্যাৰ ৰূপ দিয়া বিষয়টোত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মানি নলয় প্ৰতিবাদকাৰীৰ এই দাবী ।

Featured