বিষয় NRC : অমিত শ্বাহৰ বক্তব্যৰ বিপৰীতে কেন্দ্ৰৰ পৃথক বিজ্ঞাপন

সমগ্ৰ দেশতে এন আৰ চি প্ৰস্তুতৰ ঘোষণা হোৱা নাই

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ সমগ্ৰ দেশত এন আৰ চি প্ৰস্তুতৰ ঘোষণা কৰা হোৱা নাই । – এই অতি গুৰুত্বপূৰ্ণ ভাষ্য কেন্দ্ৰীয় চৰকাৰৰ । সম্প্ৰতি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ ভিন্ন প্ৰান্ত উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী আইনৰ (কা) লগতে এন আৰ চি সম্পৰ্কীয় বিভ্ৰান্তি দূৰ কৰাৰ উদ্দেশ্যে একাংশ সংবাদ–পত্রত চৰকাৰে শেহতীয়াকৈ দিয়া বিজ্ঞাপনে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে ৷ বিজ্ঞাপনটোত উল্লেখ কৰা হৈছে এইদৰে– ‘যদি কেতিয়াবা তেনেধৰণৰ কোনো সিদ্ধান্ত গ্রহণ কৰা হয়, তেন্তে নিয়ম আৰু নির্দেশনা এনেদৰে প্রস্তুত কৰা হ’ব, যাতে কোনো ভাৰতীয় নাগৰিকে অসুবিধাৰ সন্মুখীন হ’ব নালাগে ৷’

বিজ্ঞাপনত সন্নিৱিষ্ট এইখিনি কথাই চর্চা লাভ কৰাৰ মূলতে ইতিপূর্বে সংসদৰ মজিয়া আৰু জনসভাত দেশজুৰি এন আৰ চি প্রস্তুত সন্দর্ভত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রদান কৰা বক্তব্য ৷ উল্লেখ্য যে, সংসদৰ সদ্যসমাপ্ত শীতকালীন অধিৱেশনত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে সমগ্র দেশতে এন আৰ চি প্রস্তুতৰ ঘোষণা কৰিছিল ৷ তেওঁ সংসদৰ মজিয়াত বিৰোধীক উদ্দেশ্যি কৈছিল– আপোনালোকে কোনো সংশয় ৰাখিব নালাগে ৷ এন আৰ চি সমগ্র দেশতে হ’ব ৷ এন আৰ চি অন্য এটা প্রক্রিয়া আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক পৃথক বিষয় ৷ মন কৰিবলগীয়া যে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী জি কিষেণ ৰেড্ডীয়েও এন আৰ চিক লৈ কেন্দ্রীয় আইন মন্ত্রালয় বা মন্ত্রীসভাত কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি মন্তব্য কৰিছে ৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে এন আৰ চিৰ কোনো খচৰা প্রস্তুত কৰা হোৱা নাই ৷ শীঘ্রে হোৱাৰ সম্ভাৱনা নাই, সময় লাগিব ৷ বিজ্ঞাপনত সেই কথাই কোৱা হৈছে ৷

এন আৰ চি প্রস্তুতেৰে মুছলমানসকলক চৰকাৰে ভাৰতৰ পৰা বিতাড়িত কৰিব বিচাৰিছে বুলি একাংশ দলে অপপ্রচাৰ চলাইছে ৷ ইয়াৰ বিপৰীতে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ঝাৰখণ্ডৰ ৰাঁচীত নির্বাচনী প্রচাৰ চলাই দাবী কৰিছিল– ২০২৪ চনৰ লোকসভাত ভোটৰ পূর্বে দেশত এন আৰ চি প্রস্তুত কৰা হ’ব ৷ চিহ্ণিত কৰা হ’ব প্রতিজন অনুপ্রৱেশকাৰীক ৷ ইফালে ‘কা’ সন্দর্ভত এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী ৰেড্ডীয়ে ৷ বহু বিতর্কিত আইনখনক লৈ ব্যাপক প্রতিবাদ অব্যাহত থকাৰ মাজতে তেওঁ কয় যে প্রথমতে পৰিস্থিতি শান্ত হওক ৷ তাৰ পাছত নাগৰিকত্ব সংশোধনী আইনৰ নিয়মবিধি প্রস্তুত কৰা হ’ব ৷

Featured
Comments (0)
Add Comment