বৰফত পিছলি পাকিস্তানৰ সীমাত পৰিলগৈ ভাৰতীয় জোৱান

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ প্ৰৱল তুষাৰপাতে চানি ধৰিছে জম্মু-কাশ্মীৰ । তীব্র তুষাৰপাতৰ বাবে ব্যাহত হৈ পৰিছে সাধাৰণ জীৱনযাত্রাও ৷

কিন্তু ইয়াৰ মাজতে আহিছে এক দুঃসংবাদ । জম্মু-কাশ্মীৰৰ বৰফত পিছলি এজন ভাৰতীয় সেনাবাহিনীৰ জোৱান পাক অধিকৃত কাশ্মীৰত পৰি বৰ্তমান নিখোঁজ হৈ আছে । প্রাপ্ত তথ্য অনুযায়ী, ৰাজেন্দ্র সিং নেগী নামৰ জোৱানজন কৰ্তব্যৰত অৱস্থাত থকাৰ সময়তে বৰফত পিছলি এই অঘটন সংঘতিত হয় ।

ইপিনে জোৱানজনৰ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰক তেওঁক সুৰক্ষীতভাৱে ঘূৰাই আনিবলৈ অনুৰুধ জনাইছে ।

উল্লেখ্য যে, নেগীৰ পত্নী ৰাজেশ্বৰীয়ে ৮ জানুৱাৰীত তেওঁৰ স্বামীৰ ইউনিটৰ পৰা এটা ফোনকল লাভ কৰিছিল । য’ত কোৱা হৈছিল যে তেওঁৰ স্বামী ৰাজেন্দ্র সিং নেগি জম্মু-কাশ্মীৰত নিখোঁজ হৈছে ।

পিছত পোহৰলৈ আহিল যে ৰাজেন্দ্র সিং নেগী বৰফত পিছলি গৈ দুৰ্ঘটনাবশতঃ পাক অধিকৃত কাশ্মীৰত প্ৰৱেশ কৰে ।

ইপিনে সেনাই ইতিমধ্যে সদৰী কৰিছে যে জোৱানজনৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে । লগতে তেওঁক নিৰাপদে পাক অধিকৃত কাশ্মীৰৰ পৰা অনাৰ সম্পূৰ্ণ যো-জা চলোৱা হৈছে ।

Featuredindian army
Comments (0)
Add Comment