ভাৰতত কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা ২২৩জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ দেশত বৃদ্ধি পাইছে কৰ’ ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। ২২৩জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা। ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৫০জন লোক। আক্ৰান্ত ২২৩ৰ জনৰ ভিতৰত ৩২জন বিদেশী। কৰ’ ণা ভাইৰাছে সকলোতকৈ বেছি ভয়াৱহ ৰূপ ধাৰণ কৰিছে  মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত মুঠ ৫২জন লোক আক্ৰান্ত হৈছে। উত্তৰ প্ৰদেশত আক্ৰান্ত হৈছে ২৩জন লোক। জম্মু-কাশ্মীৰ আৰু লাডাখতো বৃদ্ধি পাইছে কৰ’ ণা আক্ৰান্ত ৰোগীৰ সংখ্যা।

Featured
Comments (0)
Add Comment