ভাৰতলৈ প্রত্যর্পণ হ’ব পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীক ব্রিটেইনৰ পৰা ভাৰতলৈ প্রত্যর্পণৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে৷ ব্রিটেইনৰ এখন আদালতে প্রবঞ্চনা আৰু বেআইনী ধনৰ লেনদেনৰ গোচৰত অভিযুক্ত নীৰৱ মোদীক ভাৰতলৈ প্রত্যর্পণ কৰিব পৰা যাব বুলি ঘোষণা কৰিছে৷

পঞ্জাব নেচনেল বেংকৰ ধন প্রবঞ্চনাৰে আত্মসাৎ কৰাৰ যি অভিযোগ চিবিআয়ে আনিছে তাৰ যুক্তিযুক্ততা আছে বুলি লণ্ডনৰ আদালতে স্পষ্ট কৰিছে৷ অর্থাৎ ব্রিটেইনৰ আদালতে এই কথা স্পষ্ট কৰি দিছে যে ভাৰতত বেংকৰ ধন প্রবঞ্চনাৰে আত্মসাৎ কৰি দেশখনত গৈ আশ্রয় লৈ আছে নীৰৱ মোদীয়ে৷ গতিকে নীৰৱ মোদীক ভাৰতৰ হাতত প্রত্যর্পণৰ ক্ষেত্রত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ’ব বুলি ইংগিত দিছে আদালতে৷ প্রত্যর্পণ কৰিলে নীৰৱ মোদীয়ে ভাৰতত ন্যায় নাপাব বুলি কোনোধৰণৰ প্রামাণিক তথ্য ব্রিটেইনৰ আদালতত দাখিল কৰিব পৰা নাই৷ গতিকে নীৰৱৰ প্রত্যর্পণ প্রায় নিশ্চিত হৈ পৰিছে৷