ভাৰতৰ পৰা বাংলাদেশলৈ অনুপ্রৱেশৰ সংখ্যা ৬৫ শতাংশ বৃদ্ধি !

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ অবৈধভাৱে ভাৰতৰ পৰা বাংলাদেশত প্রৱেশ কৰিব বিচৰা লোকৰ সংখ্যা অতি আশ্চর্যজনকভাৱে বৃদ্ধি পাইছে৷ ইমানদিনে অবৈধ বাংলাদেশীৰ বাতৰিয়ে সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকাৰ সময়ত অবিশ্বাস্য এই তথ্য প্রদান কৰিছে ভাৰতৰ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰোৱে (এনচিআৰবি)৷

শেহতীয়াকৈ প্রকাশ পোৱা এন চি আৰ বিৰ প্রতিবেদন অনুসৰি ভাৰতৰ পৰা অবৈধভাৱে বাংলাদেশত প্রৱেশ কৰিব বিচৰা লোকৰ সংখ্যা শেহতীয়াকৈ প্রায় ৬৫ শতাংশ বৃদ্ধি পাইছে৷

প্রতিবেদন অনুসৰি ২০১৭ চনত ভাৰত–বাংলাদেশ সীমান্তত অবৈধভাৱে ভাৰতৰ পৰা বাংলাদেশত প্রৱেশ কৰাৰ সময়ত সীমান্তৰক্ষী বাহিনীয়ে ১,৮০০জন ভাৰতীয়ক আটক কৰিছিল৷ পিছে ২০১৮ চনত অবৈধভাৱে বাংলাদেশত প্রৱেশ কৰাৰ সময়ত আটক কৰা লোকৰ সংখ্যা বৃদ্ধি পালে ২,৯৭১লৈ৷

ইয়াৰ ভিতৰত আছে ১,৫৩২জন পুৰুষ, ৭৪৯গৰাকী মহিলা আৰু ৬৯০টি শিশু৷ ইয়াৰ বিপৰীতে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্রৱেশ কৰা বাংলাদেশীৰ সংখ্যা কিছু পৰিমাণে হ’লেও হ্রাস পাইছে৷

এন চি আৰ বিৰ প্রতিবেদন অনুসৰি ২০১৭ চনত বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্রৱেশ কৰাৰ সময়ত গ্রেপ্তাৰ কৰা হৈছিল ১,১৮০জন বাংলাদেশীক৷ ২০১৮ চনত দেখা গ’ল আটক কৰা অবৈধ বাংলাদেশীৰ সংখ্যা হ্রাস পালে ১,১১৮লৈ৷

মন কৰিবলগীয়া যে দেশজুৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত কৰা হ’ব বুলি কেন্দ্রৰ বিজেপি চৰকাৰে যোৱা কেইবাবছৰ ধৰি প্রচাৰ চলাই আছিল৷ সেই পৰিপ্রেক্ষিতত ভাৰতত অবৈধভাৱে বসবাস কৰা বাংলাদেশীয়েই এতিয়া বাংলাদেশলৈ ডভতি যাব বিচাৰিছে বুলি সংশ্লিষ্ট মহলত চর্চা লাভ কৰিছে৷ পিছে এন চি আৰ বিৰ প্রতিবেদনত ইয়াৰ আঁৰত থকা কাৰণসমূহ চিহ্ণিত কৰা হোৱা নাই৷

Comments (0)
Add Comment