ভোটবেংকৰ স্বাৰ্থত কংগ্ৰেছে জীয়াই ৰাখিব খোজে সমস্যাঃ অমিত শ্বাহ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰঃ আগন্তুক ৩০ নৱেম্বৰৰ পৰা ৫ টাকৈ পৰ্যায়ত অনুষ্ঠিত হ’বলগা ৮১ খন আসনৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনক লৈ এতিয়া তুংগত উঠিছে দেশৰ ৰাজনীতি । বৃহস্পতিবাৰৰ পৰা হাইপ্ৰফাইল নেতাৰ জনসভা আৰম্ভ হৈছে ঝাৰখণ্ডত । বৃহস্পতিবাৰে শাসকীয় বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় । মানেকা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি অমিত শ্বাহে ভাষণত কংগ্ৰেছ দলক সমালোচনাৰ লক্ষ্য কৰি লয় । অযোধ্যাৰ ভূমি বিবাদ প্ৰসংগ উত্থাপন কৰি অমিত শ্বাহে কয় যে, ভোটবেংকৰ স্বাৰ্থত দেশত ৭০ বছৰ শাসন কৰা কংগ্ৰেছে অযোধ্যাৰ বিবাদৰ ক্ষেত্ৰত গ্ৰহণ নকৰিলে কোনো পদক্ষেপ । দেশৰ প্ৰতিজনে নাগৰিকে ৰামমন্দিৰ নিৰ্মাণ হোৱাটো কামনা কৰাৰ পাচতো কংগ্ৰেছে ইয়াক ভোটবেংকৰ স্বাৰ্থত জীয়াই ৰাখিছিল যদিও অৱশেষত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূ্ৰ্ণ ৰায় দিয়ে বুলি উল্লেখ কৰে অমিত শ্বাহে । অতি সোনকালেই অযোধ্যাৰ ভূমিত আকাশ স্পৰ্শ কৰা সদৃশ উচ্চতাৰ এক বিশাল ৰামমন্দিৰ নিৰ্মাণ কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে বিজেপি নেতাগৰাকীয়ে ।

৩০ নৱেম্বৰৰ পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব লগা ঝাৰখণ্ড নিৰ্বাচনৰ এই প্ৰচাৰ সভাত অমিত শ্বাহে উল্লেখ কৰে যে, ঝাৰখণ্ড ৰাজ্যৰ স্বীকৃতি দিছে বিজেপিয়ে । যি সময়ত কংগ্ৰেছে দেশত ৭০ বছৰে শাসন কৰাৰ পাচতো এই স্বীকৃতি প্ৰদান কৰিব নোৱাৰিলে , তেনে অৱস্থাত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শাসনৰ সময়ছোৱাত জন্ম হয় ঝাৰখণ্ড । বিগত পাঁচটা বছৰে ঝাৰখণ্ডৰ শাসনত থকা বিজেপিয়ে ৰাজ্যখনক কিদৰে উন্নয়নৰ ক্ষেত্ৰত এখোজ আগুৱাই নিছে তাৰ পৰিসংখ্যা দাঙি ধৰি পুনৰ ৰঘুবৰ দাসৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায় অমিত শ্বাহে । ইয়াৰ লগতে আগন্তুক সময়ত বিজেপি শাসনলৈ আহিলে ৰাজ্যখনৰ মাওবাদী সমস্যা সম্পূ্ৰ্ণ ৰূপে উতখাত কৰি হ’ব বুলিও ঘোষণা কৰে বিজেপিৰ অধ্যক্ষগৰাকীয়ে । বিগত পাঁচবছৰে ঝাৰখণ্ডৰ মানচিত্ৰ সলনি হোৱাৰ লগতে ঘৰে ঘৰে বিদ্যুত, গেছ আৰু শৌচালয় হৈছে যি কাম কংগ্ৰেছ তথা ঝাৰখণ্ড জনমুক্তি মৰ্চাইও কৰিবলৈ অসমৰ্থ হৈছিল বুলি কয় অমিত শ্বাহে ।

Featured