মধ্য প্ৰদেশত ২ টা মূৰ আৰু ৩ টা হাতৰ অদ্ভূত শিশু

নিউজডেস্ক, ২৫ নৱেম্বৰঃ মধ্য প্ৰদেশৰ ভিডিছা চিটিৰ এগৰাকী ২১ বছৰীয়া মহিলাই শনিবাৰে জন্ম দিলে এটা অদ্ভূত শিশু । জিলা হাস্পতালত জন্ম লাভ কৰা এই শিশুটি জন্মৰ পৰায়ে আছে ২ টা মূৰ আৰু ৩ টাকৈ হাত । ইপিনে হাস্পতালখনৰ চিকিৎসকে জনোৱা অনুসৰি চ’নোগ্ৰাফি কৰাৰ পাছত যমজ সন্তান হোৱাৰ বিষয়ে মহিলাগৰাকীক অৱগত কৰা হৈছিল যদিও অপাৰেচনৰ পাছত এটা সন্তানেই জন্ম লাভ কৰে । অৱশ্যে এই সন্তানটিৰ দুয়োটা মূৰ লগ খোৱা আৰু গাত ৩ খনকৈ হাত থকা পৰিলক্ষিত হৈছিল । বৰ্তমান এই শিশুটিক আই চি ইউত ৰখা হৈছে । লগতে চিকিৎসকে এনে শিশু খুব কম হে জন্ম লাভ কৰে বুলি জনায় ।

Featured