মন্ত্রী হর্ষ বর্ধনলৈ চোঁচা কংগ্রেছ সাংসদৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা কংগ্রেছ নেতা ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী কৰাৰ বাবেই আজি শাসক–বিৰোধী কংগ্রেছৰ মাজত তীব্র বাদানুবাদ চলে৷ চলিত অধিৱেশনৰ লোকসভাৰ মজিয়াত প্রশ্ণকালীন ঘণ্টাত কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে প্রশ্ণ উত্থাপন কৰিব খোজোঁতেই কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধনে প্রথমে ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ দাবী তোলে৷ বিজেপিৰ সাংসদসকলে কেন্দ্রীয় মন্ত্রীগৰাকীৰ সমর্থন কৰি ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী তোলে৷ এনে সময়তে কংগ্রেছৰ সাংসদসকলে সদনত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে৷ পৰিস্থিতি এনে ৰূপ লয় যে এটা সময়ত কংগ্রেছৰ সাংসদে কেন্দ্রীয় মন্ত্রী হর্ষ বর্ধনলৈ চোঁচা লয়৷ শাসক–বিৰোধী কংগ্রেছৰ মাজত তীব্র বাদানুবাদ চলাত সদনত অৰাজক পৰিস্থিতি সৃষ্টি হয় আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ কার্যসূচী এঘণ্টা ধৰি স্থগিত ৰাখিবলগীয়া হয়৷ বিজেপিৰ ডাঃ হর্ষ বর্ধনে কংগ্রেছৰ সাংসদ গান্ধীক ক্ষমা খোজাৰ দাবী তোলাৰ লগে লগে কংগ্রেছৰ সাংসদ মণিক্কম ঠাকুৰৰ নেতৃত্বত এটা দলে হর্ষ বর্ধনক বক্তব্য প্রদান কৰাত বাধা দিবলৈ চোঁচা লয়৷ কংগ্রেছ দলটোৰ এনে আচৰণ দেখি কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে ডাঃ হর্ষ বর্ধনৰ ওচৰলৈ যোৱাত দলটোক বাধা প্রদান কৰে আৰু পিছলৈ কংগ্রেছৰ সাংসদসকল নিজৰ নিজৰ আসনলৈ উভতি যায়৷ তাৎপর্যপূর্ণ যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত কংগ্রেছ নেতা গান্ধীয়েও আসনত বহি আছিল৷ উল্লেখ্য যে দিল্লীৰ বিধানসভা নির্বাচনৰ প্রচাৰ সভাত কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰিছিল৷ কংগ্রেছ নেতা গান্ধীয়ে কৈছিল–‘এতিয়াৰে পৰা ছমাহ প্রধানমন্ত্রী মোদী ঘৰৰ বাহিৰলৈ ওলাবলৈ সক্ষম নহ’ব৷ দেশৰ যুৱই লাঠীৰে তেওঁক কোবালেহে বুজি পাব যে সংস্থাপন নহ’লে দেশৰ উন্নতি কেতিয়াও হ’ব নোৱাৰে৷’ নির্বাচনী সভাত প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে এনে অপমানজনক মন্তব্য কৰাৰ প্রসংগটো আজি সদনৰ মজিয়াত উত্থাপন কৰে কেন্দ্রীয় মন্ত্রী ডাঃ হর্ষ বর্ধনে৷ শূন্যকালীন ঘণ্টাত কংগ্রেছ নেতা গান্ধীয়ে প্রশ্ণ সুধিবলৈ বিচাৰোঁতেই বিজেপিৰ ডাঃ হর্ষ বর্ধনে কয়– ‘তেওঁ প্রথমতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে আগবঢ়োৱা মন্তব্যৰ বাবে দেশবাসীক ক্ষমা খুজিব লাগিব৷ ৰাহুল গান্ধীৰ প্রশ্ণৰ উত্তৰ দিয়াৰ পূর্বে মোৰ কাৰণে আৱশ্যক যে এই মন্তব্যৰ বাবে তেওঁৰ অনুশোচনা হৈছে নে নাই, তাৰ প্রতিহে গুৰুত্ব দিম৷’ সদনৰ মজিয়াত কংগ্রেছৰ এই আচৰণক লৈ শাসক বিজেপি আৰু কংগ্রেছৰ মাজত বাকযুদ্ধ চলিছে৷ বিজেপিৰ সাংসদ জগদম্বিকা পালে লোকসভাৰ মজিয়াত কেন্দ্রীয় মন্ত্রী হর্ষ বর্ধনে ৰাহুল গান্ধী সন্দর্ভত বক্তব্য কৰি থাকোঁতে কংগ্রেছৰ সাংসদে চোঁচা লোৱাটো ভাৰতীয় গণতন্ত্রৰ কাৰণে দুর্ভাগ্যজনক ঘটনা৷ কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে কয় যে ৰাহুল গান্ধীৰ পাছত কংগ্রেছৰ সাংসদসকলেও সদনত লাঠীৰ পথকে দেখুৱালে৷ ডাঃ হর্ষ বর্ধনক লক্ষ্য কৰি চোঁচা লোৱাটোৱে কংগ্রেছৰ হতাশাৰ লগতে গুণ্ডাগিৰিকে প্রতিফলিত কৰে৷ ইপিনে, লোকসভাত হুলস্থূলীয়া পৰিৱেশৰ পাছত ৰাহুল গান্ধীয়ে টুইটাৰযোগে নিজ পক্ষ সমর্থন কৰি কয়– ‘চৰকাৰৰ বিৰুদ্ধে প্রশ্ণ উত্থাপন কৰাত বাধা দিবৰ বাবে আজি সংসদত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰা হ’ল৷ দেশৰ যুৱ প্রজন্মই স্পষ্টভাৱে প্রত্যক্ষ কৰিছে যে নিবনুৱা সমস্যা সমাধান কৰাৰ বাবে প্রধানমন্ত্রীৰ হাতত কোনো পথৰ সন্ধান নাই৷ তেওঁক সুৰক্ষা দিয়াৰ বাবেই বিজেপিয়ে সংসদত বাধা প্রদান কৰিছে৷’

Comments (0)
Add Comment