মহিলা ভোটাৰেই নিৰ্ণয় কৰিব ৰঘুবৰৰ ভাগ্য

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ঝৰখণ্ডত এইবাৰ কেইবাটাও বিধানসভা সমষ্টিত মহিলা ভোটাৰেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। লক্ষণীয়ভাৱে ৰাজ্যখনত পূৰ্বতকৈ মহিলা ভোটাৰাৰৰ ভোটদানৰ হাৰ বেছি। পূৰ্বৰ নিৰ্বাচনবোৰত মহিলা ভোটাৰৰেই ৰাজ্যখনত ব্যাপক হাৰত ভোটদানৰ হাৰ বেছি। পূৰ্বৰ নিৰ্বাচনবোৰত মহিলা ভোটাৰেই ৰাজ্যখনত ব্যাপকহাৰত ভোটদান কৰি আহিছে। এইবাৰো হিন্দীবলয়ৰ ৰাজ্যখনত মহিলা ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ প্ৰাৰ্থীসকলে অভিনৱ প্ৰচাৰ চলাইছে। স্মৰ্তব্য যে জামছেদপুৰ পূব সমষ্টিত মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ ভাগ্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰতো মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে বুলি ইতিমধ্যে নিৰ্বাচক সকলে ইংগিত দিছে। কেইবাগৰাকীও শক্তিশালী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাত আকৰ্ষণীয় হৈ পৰিছে ঝৰখণ্ড পূব সমষ্টিৰ প্ৰচাৰ।

CMJHARKHANDKEY ROLEVOTERWOMEN