মালালাৰ আক্রমণত জড়িত সন্ত্রাসবাদীৰ পলায়ন

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ন’বেল শান্তি বঁটা বিজয়ী পাকিস্তানী যুৱতী মালালা ইউছুফজাইৰ ওপৰত আক্রমণ চলোৱা তালিবান সন্ত্রাসবাদী এছানুল্লাহ এহছানে কাৰাগাৰৰ পৰা পলায়ন কৰিছে৷ কালি প্রকাশ পোৱা এক অডি’ত এছানুল্লাই দাবী কৰিছে যে পাকিস্তানী সেনা আৰু চোৰাংচোৱাৰ জিম্মাৰ পৰা পৰিয়ালসহ ১১ জানুৱাৰীত তেওঁ পলায়ন কৰিবলৈ সক্ষম হৈছে৷ তেহৰিক–ই–তালিবান পাকিস্তান (টিটিপি)ৰ নেতাগৰাকীয়ে মালালা ইউছুফজাইৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণ চলোৱাৰ উপৰি পেছোৱাৰৰ সেনা পৰিচালিত বিদ্যালয়তো আক্রমণ চলাইছিল৷ ইফালে, পাক চৰকাৰৰ সূত্রই এছানুল্লা নিজ পত্নী আৰু দুই দুহিতাৰ সৈতে পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি স্বীকাৰ কৰিছে৷ স্মর্তব্য যে খাইবাৰ পাখতুনখাৱা প্রদেশৰ মহম্মদ জনজাতীয় জিলাৰ ছাগিবাবাগ নামৰ গাঁওখনত সেনা আৰু চোৰাংচোৱাই এক গৃহত বন্দী কৰি ৰাখিছিল এছানুল্লাক৷ এছানুল্লাৰ পলায়নৰ পিছতে তেওঁৰ পিতৃ শ্বেৰ মহম্মদ, ভাতৃ ছাফিক আৰু খুড়াক শ্বেৰ বাদশ্বাহক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

Comments (0)
Add Comment