মালয়েছিয়াই গ্রহণ নকৰে বিদেশৰ প্লাষ্টিক আৱর্জনা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ সমৃদ্ধিশালী দেশে পঠিওৱা প্লাষ্টিক আৱর্জনা গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছে মালয়েছিয়াই৷ জাহাজভর্তি এই প্লাষ্টিক আৱর্জনা সোমবাৰে মালয়েছিয়া চৰকাৰে দেশখনৰ সমুদ্র উপকূলৰ পৰা ওভতাই পঠিয়াইছে৷

স্মর্তব্য যে যোৱা বছৰৰ শেষৰ তিনিটা মাহৰ পৰাই ১৩খন সমৃদ্ধিশালী ৰাষ্ট্রই প্রেৰণ কৰা এই প্লাষ্টিক আৱর্জনা ওভতাই পঠিয়াইছে মালয়েছিয়াই৷

এতিয়ালৈকে বিশালকায় ১৫০টা কণ্টেইনাৰভর্তি আৱর্জনাবোৰ ইউৰোপীয় দেশসমূহলৈ ওভতাই পঠিওৱা বুলি দেশখনৰ পৰিৱেশ মন্ত্রীয়ে সদৰী কৰিছে৷ পৰিৱেশ মন্ত্রী য়ো বী য়িনে সংবাদ মাধ্যমক জনোৱা অনুসৰি চলিত বর্ষত ১১০টাকৈ কণ্টেইনাৰ পুনৰ ওভতাই পঠিওৱা হ’ব ইউৰোপলৈ৷

স্মর্তব্য যে মালয়েছিয়াত ২০০টাতকৈ অধিক অবৈধ প্লাষ্টিক পুনৰ নিষ্কাশন কাৰখানা আছে৷ এই কাৰখানাবোৰলৈ অপৰাধী চক্রই চোৰাংভাৱে সমৃদ্ধিশালী দেশৰ পৰা কঢ়িয়াই আহিছে আৱর্জনা৷

শেহতীয়াকৈ মালয়েছিয়া চৰকাৰে এই কাৰখানাবোৰ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ গতিকে অবৈধভাৱে দেশখনলৈ আহি থকা প্লাষ্টিক আৱর্জনা কোনো কাৰণতে গ্রহণ নকৰে চৰকাৰে৷ স্মর্তব্য যে ২০১৮ বর্ষত চীনেও প্লাষ্টিক আৱর্জনা আমদানিৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল৷

Comments (0)
Add Comment