মুছলিম ল ব’ডঃ মছজিদত মহিলাৰ প্রৱেশৰ অনুমতি আছে

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ মছজিদত মহিলাৰ প্রৱেশৰ কথা ইছলামিক গ্রন্থত লিখা আছে৷ মছজিদত প্রৱেশৰ বিৰুদ্ধে জাৰি কৰা সকলো ফতোৱা অৱজ্ঞা কৰিব লাগে৷ অল ইণ্ডিয়া মুছলিম পার্ছনেল ল ব’র্ডে উচ্চতম ন্যায়ালয়ত এই কথা জানিবলৈ দি এখন শপতনামা দাখিল কৰিছে৷

মহাৰাষ্ট্রৰ এটা মুছলমান দম্পতীয়ে আবেদন দাখিল কৰি মছজিদত মহিলাৰ প্রৱেশ নিষিদ্ধ কৰাটো অবৈধ আৰু অসাংবিধানিক বুলি দাবী কৰিছিল৷ ইয়াৰ পিছতে এই আবেদনৰ সমর্থনত মুছলিম ল ব’র্ডে উচ্চতম ন্যায়ালয়ত এই শপতনামা দাখিল কৰি ইছলামিক গ্রন্থৰ উদ্ধৃতিৰে মছজিদত মহিলাই প্রৱেশ কৰি প্রার্থনা কৰিব পাৰিব বুলি দাবী কৰে৷

Comments (0)
Add Comment