মুম্বাইত ‘ফ্ৰী কাশ্মীৰ’ লিখা প’ষ্টাৰ লৈ কোন এই যুৱতী!

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ শেহতীয়াকৈ গেট ৱে অফ ইণ্ডিয়াত এগৰাকী যুৱতীৰ ভিডিঅ যথেষ্ট ভাইৰেল হৈছে। উক্ত ভিডিঅত এজনী যুৱতীৰ হাতত ফ্ৰী কাশ্মীৰ লিখা প’ষ্টাৰ আছিল। উল্লেখ্য জেএন ইউৰ কাণ্ডক লৈ প্ৰতিবাদ মুম্বাইৰ গেট ৱে অফ ইণ্ডিয়াত প্ৰতিবাদ হৈছিল। ফ্ৰী কাশ্মীৰ লিখা প’ষ্টাৰৰ সন্দৰ্ভত যুৱতী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে” মই ৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰত বিশ্বাসী লোকৰ দৰে গেটৱে অফ ইণ্ডিয়াত প্ৰতিবাদ কৰিবলৈ গৈছিল। সেই সময়ত এখন পষ্টাৰ লাভ কৰিছিল যত লিখা আছিল ফ্ৰী কাশ্মীৰ। সেই কাৰণে মই সেই পষ্টাৰ খন উঠাইছিলো যাতে কাশ্মীৰত ইণ্টাৰনেট আৰু মবাইল সেৱা আৰম্ভ হওক। কাশ্মীৰৰ লোকসকলক মূলত সংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। তেওঁ কাশ্মীৰৰ নহয় অথচ সাধাৰণ জনতাৰ দৰে গণতান্ত্ৰিক অধিকাৰৰ বাবে মাত মাতিছো। ইয়াতকৈ মোৰ বেলেগ উদ্দ্যেশ্য নাই। মই কোনো সংগঠনৰ সদস্য নহয় ।” ফেচবুকত এই ব্যক্তব্য দিয়ে যুৱতীগৰাকীয়ে।

Comments (0)
Add Comment