মৃত জন্তুৰ পৰা খাদ্যত ব্যৱহৃত তেল আৰু চাবোন উৎপাদনঃ ছীল হ’ল কাৰখানা

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ বহুদিন ধৰি অঞ্চলটোত এক উৎকট গোন্ধ । স্থানীয় ৰাইজে বিশুদ্ধ বায়ু সেৱনত সন্মুখীন হৈছে বাধাৰ । জীৱকুলৰ শ্বাস-প্ৰশ্বাসত বাধাৰ সৃষ্টি কৰা এই প্ৰদূষিত বায়ুৰ বাবে দায়ী অঞ্চলটোত থকা এটা বৃহৎ কাৰখানা । কাৰখানাৰ ভিতৰত প্ৰকৃততে কি হৈছে সেয়া জানিবলৈ স্থানীয় লোকসকল কাষ চাপিল আৰক্ষীৰ । ৰাইজৰ আবেদনৰ ভিত্তিত কাৰখানাত আৰক্ষী উপস্থিত হৈ দেখা পালে এক অদ্ভূত দৃশ্য । যি দৃশ্যৰ কথা শুনিলে হয়তো আপুনিও তবধ মানিব বহু সময় ধৰি ।

প্ৰকৃততে পাকিস্তানৰ ৰাজধানীৰ কাৰাচী অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । অবৈজ্ঞানিক পদ্ধতিত এটা কাৰখানাই মৃত জন্তু তথা পশুৰ শৰীৰ দাহ কৰি উৎপাদন কৰিছে খাদ্য প্ৰস্তুতৰ বাবে ব্যৱহৃত তেল । মৃত পশু দাহ কৰি উৎপাদন কৰা এই তেল বজাৰলৈ উলিয়াই দিয়াৰ লগতে ইয়াৰ পৰা উৎপন্ন হোৱা ছাঁই সমূহ শৰীৰত ব্যৱহৃত চাবোন প্ৰস্তুতৰ বাবে প্ৰেৰণ কৰা হয় ভিন্ন চাবোন কাৰখানালৈ । আৰক্ষীৰ তদন্তৰ পাচতে পোহৰলৈ অহা এই ঘটনাই এতিয়া হতচকিত কৰি তুলিছে অঞ্চলটোৰ প্ৰতিজন লোকক । বিগত বহুদিন ধৰি এনে উৎকট গোন্ধ আৰু প্ৰদূষিত বায়ুৱে জনতাক হাৰাশাস্তি কৰি অহাৰ পাচতেই এতিয়া সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু পৰিৱেশ মন্ত্ৰীৰ হস্তক্ষেপত ছীল কৰা হৈছে উক্ত উদ্যোগটো । আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি কাৰাচীৰ বহুতো কাৰখানাই এতিয়াও অব্যাহত ৰাখিছে এনে কাৰ্য । তাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান । পৰৱৰ্তী সময়ত এইসমূহ কাৰখানাকো ছীল কৰা হ’ব বুলি জানিবলৈ দিছে কাৰাচী আৰক্ষীয়ে ।

Featured
Comments (0)
Add Comment