মৰ্মান্তিক মধুচন্দ্ৰিকা ! পেৰাগ্লাইডিং হৈ পৰিল অমানিশা

নিয়মীয়া বাৰ্তা,২৮ নৱেম্বৰঃ মধুচন্দ্ৰিকাৰ এক মৰ্মান্তিক দুৰ্ঘটনা । মধুচন্দ্ৰিকাৰ বাবে যোৱা ২৭ বছৰীয়া অৰবিন্দ আৰু তেওঁৰ পত্নীৰ বাবে যে ইমান অনায়াসে নামি আহিব অন্ধকাৰ , সেয়া সপোনৰো আগোচৰ আছিল । বিবাহৰ পাচত হিমাচল ভ্ৰমণৰ বাবে যোৱা অৰবিন্দ আৰু পত্নীৰ সকলো ঠিকেই আছিল । আকাশ মাৰ্গৰ আনন্দ উপভোগৰ বাবে পেৰাগ্লাইডিং কৰা অৰবিন্দৰ বাবে একে স্থানতেই অপেক্ষাৰত আছিল পত্নী । পিছে আকাশমাৰ্গৰ সৌন্দৰ্যত বিভোৰ হৈ যেন আকাশৰ পৰা সুশৰীৰে উভতি নাহিল অৰবিন্দ । পেৰাগ্লাইডিং কৰি থকা অৱস্থাতে ৰছী চিগি পৰাৰ ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয় চেন্নাইৰ বাসিন্দা অৰবিন্দই । এই ঘটনাত অৰবিন্দৰ লগত থকা পেৰাগ্লাইডিঙৰ পাইলট গৰাকীও গুৰুতৰভাৱে আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

হিমাচলৰ কুলুৰ এই ঘটনাৰ পাচতেই এতিয়া দুঃসাহসিক ক্ৰীড়া আৰু এই ক্ষেত্ৰত নিৰাপত্তাৰ বিষয়টো পুনৰবাৰ চৰ্চিত হৈছে । পেৰাগ্লাইডিঙৰ ক্ষেত্ৰত বেছিভাগ দুৰ্ঘটনা উদাসীনতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই সংঘটিত হয় যদিও এইক্ষেত্ৰত পাইলটৰ লাইচেন্স তথা নীতি-নিয়মসমূহ পুনৰ নিৰীক্ষণৰ বাবে দাবী জনাইছে একাংশই । ইয়াৰোপৰিও পেৰাগ্লাইডিঙৰ ক্ষেত্ৰত প্ৰতি বছৰে ইয়াত ব্যৱহৃত সা-সৰঞ্জাম সমূহৰ পৰীক্ষা-নিৰীক্ষাও হৈছে অত্যন্ত জৰুৰী । ভিন্নজনে এইক্ষেত্ৰত বহু আসোঁৱাহ ৰৈ যোৱাৰ অভিযোগ তুলিছে । উল্লেখ্য যে, বিগত বৰ্ষত মানালিৰ চোলাং ভেলীতো পেৰাগ্লাইডিং কৰি মৃত্যু হৈছিল এগৰাকী পৰ্যটকৰ ।

Featured