লকডাউনৰ সময়ত গাৰ্হস্থ্য হিংসা বৃদ্ধি হৈছে

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্ধেগ

নিয়মীয়া বাৰ্তা ৪ এপ্ৰিলঃ  ক’ৰোনা ভাইৰাছৰ লকডাউনৰ বাবে দেশত গাৰ্হস্থ্য হিংসাআৰু নিৰ্যাতনৰ অভিযোগৰ সংখ্যা বৃদ্ধি পাইছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই। অধ্যক্ষা শৰ্মাই গাৰ্হস্থ্য হিংসা আৰু নিৰ্যাতন বৃদ্ধি পোৱাৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে লকডাউনৰ সময়ছোৱাত গাৰ্হস্থ্য হিংসাৰ ঘটনা ৬৯, মৰ্যাদা হানিকাৰী ঘটনা ৭৭, বিবাহিত মহিলাক নিৰ্যাতৰ ঘঠনা ১৫, দুটা যৌতুকজনিক মৃত্যু, ধৰ্ষণ-ধৰ্ষণৰ চেষ্টাৰ ঘটনা ১৩টা সংঘটিত হৈছে। উত্তৰ প্ৰদেশত সৰ্বাধিক ৯০, দিল্লীত ৩৭, বিহাৰত ১৮, মধ্য প্ৰদেশত ১১ আৰু মহাৰাষ্ট্ৰত ১৮। অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰা তথ্য মতে মাৰ্চৰ ২৩ তাৰিখৰ পৰা ৩১ লৈকে ১০ দিনৰ ভিতৰত ২৫৭টা ঘটনাৰ অভিযোগ ৰাষ্ট্ৰীয় মহিলা আয়োগে লাভ কৰিছে। ইয়াৰ ভিতৰত ২৪ মাৰ্চৰ পৰা ১ এপ্ৰিললৈকে গাৰ্হস্থ্য হিংসাৰ ঘটনা ৬৯টা সংঘটিত কৰিছে। এই অভিযোগ ই-মেলযোগে লাভ কৰিছে আয়োগে।

Comments (0)
Add Comment