লালুপ্রসাদৰ ৰে’লৱে দুর্নীতি গোচৰ পুনৰ মুকলি কৰিব চিবিআয়ে

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে চি বি আইক বিৰোধীৰ বিৰুদ্ধে অপব্যৱহাৰ কৰা বুলি অভিযোগ উঠাৰ সময়তে বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদৰ বিৰুদ্ধে ৰে’লৱে দুর্নীতি গোচৰ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে চি বি আয়ে৷ বিহাৰৰ উপ–মুখ্যমন্ত্রী তথা আৰ জে ডি নেতা লালুপ্রসাদ যাদৱৰ পুত্র তেজস্বী যাদৱলৈ চি বি আইৰ এই সিদ্ধান্তই অশনি সংকেত কঢ়িয়াই আনিব পাৰে৷ এবছৰ পূর্বে চি বি আয়ে লালুপ্রসাদ যাদৱ আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে ৰে’লৱে দুর্নীতিৰ গোচৰত কোনো সাক্ষ্য পোৱা নাই বুলি উল্লেখ কৰি সেই গোচৰ বন্ধ কৰি দিছিল যদিও পুনৰ সেই গোচৰটো চি বি আয়ে মুকলি কৰাৰ সিদ্ধান্তই বিহাৰৰ ৰাজনীতিত আলোড়ন তুলিছে৷