লালুৰ শ্লোগান– ‘দো হাজাৰ বিশ, হটাও নীতিশ’

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ  বিহাৰত চলিত বর্ষতে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত নীতিশ কুমাৰ চৰকাৰক উৎখাত কৰিব বুলি সংকল্প গ্রহণ কৰিছে আৰজেডিৰ মুৰব্বী লালু প্রসাদ যাদৱে৷ কেইবা কোটিটকীয়া পশু খাদ্য কেলেংকাৰিৰ গোচৰত দোষী সাব্যস্ত হৈ ৰাঁচীৰ কাৰাগাৰত বন্দী হৈ থকা লালু প্রসাদ যাদৱে উল্লেখ কৰিছে যে এইবাৰ নীতিশ কুমাৰ ক্ষমতাচ্যুত হোৱাটো নিশ্চিত৷

ইতিমধ্যে লালুপ্রসাদ যাদৱে নীতিশক উৎখাত কৰিবলৈ আৰজেডিৰ বাবে প্রস্তুত কৰিছে নতুন শ্লোগান৷ এই শ্লোগান হৈছে– ‘দো হাজাৰ বিশ, হটাও নীতিশ’৷ এই শ্লোগানেৰে বিহাৰৰ প্রান্তে প্রান্তে আৰজেডিয়ে নীতিশ কুমাৰ চৰকাৰৰ ব্যর্থতা সন্দর্ভত প্রচাৰ চলাব৷ নৱবর্ষৰ প্রথম দিনাই লালু প্রসাদ যাদৱে আৰজেডি নেতা–কর্মীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নীতিশ কুমাৰ চৰকাৰক উৎখাতৰ বাবে এই নতুন শ্লোগানো মুকলি কৰিছে৷

লক্ষণীয়ভাৱে বিহাৰত বিজেপি, জনতা দল (ইউ)ৰ নেতৃত্বত এনডিএ চৰকাৰ আছে যদিও বিজেপি আৰু নীতিশৰ দলৰ মাজত বিভিন্ন বিষয়ক লৈ চলি আছে মতানৈক্য৷ ইয়াৰ সুযোগ আৰজেডিয়ে ল’ব বুলি ঘোষণা কৰিছে লালুৱে৷

Comments (0)
Add Comment