লিংগ ব্যৱধান সূচকাংকত ১১২ লৈ অৱনমিত ভাৰত

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ লিংগ ব্যৱধান সূচাংকত ভাৰতৰ স্থান পুনৰ অৱনমিত হৈছে ৷ বিশ্ব অর্থনৈতিক ফ’ৰাম (ডব্লিউইএফ)ৰ তৰফৰ পৰা প্রকাশ কৰা লিংগ ব্যৱধান প্রতিবেদনত ভাৰত পূর্বৰ বছৰটোৰ ১০৮ সংখ্যক স্থানৰ পৰা ১১২ স্থানলৈ অৱনমিত হৈছে ৷

উল্লেখনীয় যে চীন, শ্রীলংকা, নেপাল, ব্রাজিল, ইণ্ডোনেছিয়া, বাংলাদেশ আদি দেশতকৈ বহু তলত আছে ভাৰতৰ স্থান ৷

মহিলাৰ স্বাস্থ্য তথা অর্থনৈতিক অংশীদাৰিত্বকে ধৰি বিভিন্ন বিষয়ক আধাৰ কৰি ডব্লিউইএফে প্রতিবছৰে যুগুতাই আহিছে গোলকীয় প্রতিবেদন ৷

লক্ষণীয়ভাৱে মহিলাৰ স্বাস্থ্য আৰু অর্থনৈতিক ক্ষেত্রত নাৰী সমাজৰ অংশীদাৰিত্বত শেষৰ ফালৰ পৰা পাঁচটা স্থানৰ ভিতৰত আছে ভাৰত৷ তালিকাত আইচলেণ্ড আছে প্রথম স্থানত৷ আইচলেণ্ডত কোনোধৰণৰ লিংগ ব্যৱধান নাই৷ অর্থাৎ বিভিন্ন ক্ষেত্রত পুৰুষৰ সমানে মহিলাসকলেও সমান অংশীদাৰিত্ব লাভ কৰিছে ৷

জেনেভাস্থিত ডব্লিউইএফে এই প্রতিবেদনত উল্লেখ কৰিছে যে ২০১৮ত বিশ্বজুৰি লিংগ ব্যৱধান হ্রাস পাইছে যদিও স্বাস্থ্য, শিক্ষা, কর্মক্ষেত্র, ৰাজনীতি আদিত বহু দেশত পুৰুষৰ অনুপাততকৈ মহিলাৰ অনুপাত যথেষ্ট কম ৷ এই লিংগ ব্যৱধান কমি আহিবলৈ পৃথিৱীত আৰু ১০৮ বছৰৰ প্রয়োজন হ’ব ৷ অর্থাৎ দীর্ঘকাল ধৰি বিভিন্ন ক্ষেত্রত মহিলাৰ অংশগ্রহণ পুৰুষৰ তুলনাত যথেষ্ট কমি থাকিব৷ ৰাজনৈতিক ক্ষেত্রত এই ব্যৱধান কমি এক নিৰপেক্ষ অৱস্থান লাভ কৰিবলৈ হ’লে প্রয়োজন হ’ব ৯৫ বছৰ ৷

ডব্লিউইএফৰ এই প্রতিবেদনৰ পিছতেই বিভিন্ন দিশত ভাৰতৰ স্থান অৱনমিত হৈ থকাটো স্পষ্ট ৰূপত ধৰা পৰিছে ৷ স্মর্তব্য যে বহু আন্তর্জাতিক সমীক্ষাত ভাৰত এতিয়া বিভিন্ন দিশত বাংলাদেশতকৈও পিছত থকা দেশ হিচাপে চিহ্ণিত হৈছে ৷

Comments (0)
Add Comment