লিভ–ইন সম্পর্ক পঞ্জীয়নৰ আবেদন খাৰিজ ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: লিভ–ইন ৰিলেচনশ্বিপ পঞ্জীয়ন কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক নির্দেশ দিবলৈ জনোৱা ৰাজহুৱা স্বার্থজনিত আবেদন এখন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ নেতৃত্বত ন্যায়াধীশ পি এছ নৰসিংহা আৰু জে বি পর্দিৱালাৰ বিচাৰপীঠে অধিবক্তা মমতা ৰাণীয়ে লিভ–ইন ৰিলেচনশ্বিপৰ পঞ্জীয়নৰ বাবে কেন্দ্রীয় চৰকাৰক নির্দেশ দিবলৈ জনোৱা আবেদন খাৰিজ কৰি কয়– লিভ–ইন ৰিলেচনশ্বিপ পঞ্জীয়নৰ সৈতে কেন্দ্রৰ কি কৰিবলগীয়া আছে? শহাপহুৰ মগজুৰ ধাৰণাৰ দৰে আবেদনকাৰীৰ চিন্তা৷ গতিকে এনেধৰণৰ ৰাজহুৱা স্বার্থৰ আবেদন খাৰিজ কৰা হৈছে৷ উল্লেখ্য যে মমতা ৰাণীয়ে আবেদনত লিভ–ইন ৰিলেচনশ্বিপ পঞ্জীয়নৰ বাবে কেন্দ্রক নিয়ম প্রস্তুত কৰাৰ কথাও উল্লেখ কৰিছিল৷