লেবাৰ পার্টীৰ নেতৃত্বৰ দৌৰত ভাৰতীয় মূলৰ লিছা নন্দী

ব্রিটেইনৰ ৰাজনীতিত ভাৰতীয় মূলৰ নেত্রীৰ প্রভাৱ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ব্রিটেইনত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা সংসদীয় নির্বাচনত লেবাৰ পার্টীৰ শোচনীয় পৰাজয়ৰ পাছত দলটোৰ নেতা জেৰেমী কর্বিনৰ বিদায় নিশ্চিত হৈ পৰিছে ৷ দলটোত কর্বিনৰ স্থলাভিষিক্ত হোৱাৰ সম্ভাৱনা আছে ভাৰতীয় মূলৰ ৰাজনীতিক লিছা নন্দী ৷

পশ্চিমবংগত জন্মগ্রহণ কৰা মার্ক্সবাদী নেতা দীপক নন্দী আৰু লুইছে নন্দীৰ দুহিতা লিছা নন্দী লেবাৰ পার্টীত অন্যতম প্রভাৱশালী নেত্রী হিচাপে চিহ্ণিত হৈ আহিছে ৷ চল্লিশ বছৰীয়া নন্দী হৈছে বৃহত্তৰ মানচেষ্টাৰৰ উইগান সমষ্টিৰ সাংসদ ৷

লক্ষণীয়ভাৱে লেবাৰ পার্টীৰ শীর্ষ পদৰ বাবে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত লৈছে লিছাই ৷ লিছা নন্দীৰ উপৰি ছালফ’ডৰ সাংসদ চল্লিশ বছৰীয়া ৰেবেকা লং–বেইলীও কর্বিনৰ স্থলাভিষিক্ত হ’বলৈ প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব ৷ ব্রিটেইনৰ ৰাজনীতিত জেৰেমী কর্বিনে দীর্ঘদিন ধৰি লেবাৰ পার্টীক নেতৃত্ব প্রদান কৰি আহিছিল যদিও শেহতীয়া নির্বাচনত দলটোৰ ব্যর্থতাৰ বাবে বিভিন্ন মহলৰ সমালোচনাৰ সন্মুখীন হৈছে নেতাগৰাকী ৷ গতিকে কর্বিনৰ বিদায় নিশ্চিত হৈ পৰিছে লেবাৰ পার্টীৰ নেতৃত্বৰ পৰা ৷

Featured
Comments (0)
Add Comment