শতাব্দী এক্সপেছত ম্যাদ উকলা খাদ্যঃ তদন্ত ঘোষণা

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ সাধাৰণতে ৰেলত যাত্ৰা কৰা যাত্ৰী সকলে প্ৰায়েই ৰেলৰ খাদ্যক লৈ অভিযোগ কৰি আহিছে।ৰাজধানী অথবা শতাব্দী এক্সপেছত তেনে ঘটনা খুবেই বিৰল। কিন্তু মঙলবাৰে শতাব্দী এক্সপেছত তেনে এক ঘটনা পোহৰলৈ আহিছে। মুম্বাই-আহমেদাবাদ শতাব্দী এক্সপেছত যাত্ৰা কৰা যাত্ৰী সকলক ৰাতিপুৱাই ম্যাদ উকলি যোৱা ব্ৰেড আৰু বাটাৰ পৰিৱেশন কৰে। ম্যাদ উকলা খাদ্য খাই বহুকেইজন যাত্ৰীৰ স্বাথ্যৰ অৱনতি ঘঠে। যেতিয়া সমগ্ৰ ঘটনাটো পোহৰলৈ আহে তেতিয়া ৰেলৱে বিষয়া জনে এই ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিব বুলি ঘোষণা কৰিছে। লগতে বিষয়া জনে কয় যে আইআৰটিচিৰ বিষয়া জনক নিলম্বিত কৰা হৈছে, লগতে খাদ্য যোগান দিয়া প্ৰতিষ্ঠানটোক নিবিদা সমাপ্ত কৰিবলৈ জাননী জাৰি কৰিছে।
উল্লেখ্য যে এজন যাত্ৰীয়ে টুইটাৰ যোগেদি ম্যাদ উকলা ব্ৰেডৰ ফটো শ্বেয়াৰ কৰিছে।

Comments (0)
Add Comment