শিশুসহ ৮ ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

কেনেকৈ মৃত্যু হ'ল শিশুসহ ৮জনৰ?

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ শিশুসহ ৮ ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু। ফুৰিবলৈ আহি কৰুণ মৃত্যুক সাৱতিলে ৮ জন ভাৰতীয় পৰ্যটকে। ঘটনা অনুসৰি কেৰেলাৰ পৰা শিশুসহ ১৫জন লোক আহিছিল নেপালৰ কাঠমাণ্ডুলৈ। কাঠমাণ্ডুৰ এখন ৰিজৰ্টৰ একেটা কোঠাতে আছিল শিশুসহ ৮জন লোক কিন্তু পুৱতি নিশা ৮জন লোকৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। ১৫জনীয়া পৰিয়ালটোৰেই সদস্য আছিল এই পৰিয়ালটো।

                       আৰক্ষীয়ে প্ৰকাশ কৰা মতে অতিপাত ঠাণ্ডা হোৱাৰ বাবে ৰূম হিটাৰ ব্যৱহাৰ কৰিছিল পৰিয়ালটোৱে কিন্তু বন্ধ কোঠাত শ্বাস-প্ৰশ্বাসত কষ্ট পায় মৃত্যুক সাৱতি লয় বুলি মন্তব্য কৰে কাঠমাণ্ডুৰ আৰক্ষী অধীক্ষকে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও কয় আৰক্ষী বিষয়াগৰাকীয়ে।

পৰ্যটকৰ কৰুণ মৃত্যু
Comments (0)
Add Comment