শীঘ্ৰে অন্ত পৰিব মহাভিযোগৰ বিচাৰ

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে ছিনেটত চলি থকা মহাভিযোগৰ বিচাৰ প্রক্রিয়া শীঘ্রে অন্ত পৰিব৷ লক্ষণীয়ভাৱে ডেমক্রেট ছিনেটৰসকলে ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগৰ বিচাৰ প্রক্রিয়াৰ সাক্ষ্যদানৰ অনুমতিৰ বাবে সুযোগ লাভ কৰিবলৈ হ’লে চাৰি ৰিপাব্লিকান ছিনেটৰৰ ভোট লাভ কৰিব লাগিব৷ লক্ষণীয়ভাৱে এইক্ষেত্রত লামাৰ আলেকজেণ্ডাৰ নামৰ ৰিপাব্লিকান সাংসদগৰাকীয়ে ডেমক্রেটসকলক এই সুযোগ নিদিয়ে বুলি ঘোষণা কৰিছে৷ অর্থাৎ সাক্ষ্যদানৰ ক্ষেত্রত ৰিপাব্লিকানৰ প্রয়োজনীয় ভোট লাভ নকৰিলে ছিনেটত ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগৰ বিচাৰ প্রক্রিয়া শীঘ্রে অন্ত পৰিব৷ কাইলৈৰ ভিতৰত ৰাষ্ট্রপতিগৰাকীয়ে এই মহাভিযোগৰ বিচাৰ প্রক্রিয়াৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে৷

Comments (0)
Add Comment