শ্বাহীনবাগৰ গোচৰৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ দিল্লীৰ শ্বাহীনবাগত চলি থকা নাগৰিকত্ব সংশোধনী আইনবিৰোধী মাৰাথন প্রতিবাদ সন্দর্ভত দাখিল হোৱা এক আবেদনৰ শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে৷ আবেদনখনত উল্লেখ কৰা হৈছে যে শ্বাহীনবাগত দীর্ঘদিন ধৰি পথ অৱৰোধ হৈ থকাৰ ফলত সাধাৰণ জনতা সমস্যাৰ সন্মুখীন হৈছে৷ আন্দোলনকাৰীয়ে পথ বন্ধ কৰি ৰখাৰ ফলত পথচাৰীৰ মূল্যৱান সময় নষ্ট হোৱা বুলি আবেদনখনত উল্লেখ কৰাৰ উপৰি অত্যধিক পৰিমাণে শক্তি তথা ইন্ধনৰ অপচয় হোৱা বুলিও যুক্তি দর্শোৱা হৈছে৷ বিশেষকৈ ডিএনডি, অক্ষৰধাম আৰু আশ্রম পথত শ্বাহীনবাগৰ আন্দোলনে স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰি ৰাখিছে৷ আজি এই আবেদনখন সন্দর্ভত নিজৰ মতামত প্রকাশ কৰি শীর্ষ আদালতখনে উল্লেখ কৰিছে যে দিল্লী বিধানসভাৰ নির্বাচনৰ পিছত ইয়াৰ শুনানি গ্রহণ কৰা হ’ব৷ আগন্তুক ১০ ফেব্রুৱাৰীত শুনানি গ্রহণৰ দিন থিৰাং কৰিছে শীর্ষ আদালতখনে ৷

Featured
Comments (0)
Add Comment