সংখ্যালঘুৰ সুৰক্ষাই মোডী চৰকাৰৰ মূল প্ৰাধান্য

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ সম্প্রদায়ৰ লোকৰ মাজত শংকা বিয়পাই দিয়া বুলি কংগ্রেছক কঠোৰ ভাষাৰে গৰিহণা দি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা যে কোনো লোকৰ নাগৰিকত্ব কাঢ়ি লোৱা নহয়, শুকুৰবাৰে তাক পুনৰ স্পষ্ট কৰি দিয়ে৷ হিমাচল প্রদেশৰ ৰাজধানী ছিমলাৰ এক গণসমাৱেশক সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয়– নাগৰিকত্ব সংশোধনী আইন–২০১৯ আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ক লৈ কংগ্রেছে উৰাবাতৰি বিয়পাই দিছে৷ হিমাচল প্রদেশ চৰকাৰৰ দ্বিতীয় বর্ষপূর্তি উপলক্ষে আয়োজিত সমাৱেশত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে দিয়া ভাষণৰ অধিকাংশ সময়ত নাগৰিকত্ব সংশোধনী আইনৰ প্রসংগই স্থান পায়৷ কংগ্রেছক সমালোচনা কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে সংখ্যালঘুক সুৰক্ষা দিয়াত মোদী চৰকাৰে সর্বাধিক প্রাধান্য দি আহিছে৷ তদুপৰি কংগ্রেছ সাংসদ ৰাহুল গান্ধীক আক্রমণৰ লক্ষ্য কৰি লৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– ‘মই ৰাহুল ‘বাবা’ক প্রত্যাহ্বান জনাইছোঁ, তেওঁ আইনখনত এনে এটা দফা দেখুওৱাক, য’ত কোনো লোকৰ নাগৰিকত্ব কাঢ়ি অনাৰ ব্যৱস্থা আছে৷’ লক্ষণীয় যে আইনখনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহি ভাৰতত বসবাস কৰি থকা ধর্মীয় সংখ্যালঘুক নাগৰিকত্ব প্রদানৰ ব্যৱস্থা থকা বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে কোনো লোকৰ আনকি সংখ্যালঘু সম্প্রদায়ৰ লোকৰো নাগৰিকত্ব কাঢ়ি লোৱাৰ ব্যৱস্থা নাই৷ স্মর্তব্য যে কালি কংগ্রেছ আৰু ‘টুকড়ে টুকড়ে গেং’–এ নতুন দিল্লীত প্রতিবাদৰ নামত হিংসা বিয়পাই থকাৰ গুৰুতৰ অভিযোগ তুলি কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সকীয়নি দিছিল কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷

Comments (0)
Add Comment