সংসদ ভৱনত সাংসদৰ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ মুকলি

নিয়মীয়া বাৰ্তা,২০ নৱেম্বৰঃ লোকসভাৰ শীতকালীন অধিৱেশন অব্যাহত থকাৰ সময়তে বুধবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মুকলি কৰে সাংসদৰ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ । এই স্বাস্থ্য পৰীক্ষা কেন্দ্ৰটো সকলো সাংসদৰ বাবে সংসদ ভৱনত উদ্বোধন কৰে অধ্যক্ষগৰাকীয়ে । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধন, অনুৰাগ ঠাকুৰ আৰু অশ্বিনী কুমাৰ চুবে উপস্থিত থাকে ।