সবৰীমালা মন্দিৰ প্ৰশাসনৰ বাবে পৃথক আইন প্ৰণয়ন কৰক

নিয়মীয়া বাৰ্তা ২১ নৱেম্বৰঃ কেৰালাৰ সবৰীমালা মন্দিৰ প্ৰশাসনৰ বাবে এক সুকীয়া আইন প্ৰণয়ন বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। বুধবাৰে উচ্চতম ন্যায়ালয়ে কেৰালা চৰকাৰক এই বিষয়টো সন্দৰ্ভত আগন্তুক বৰ্ষৰ জানুৱাৰীৰ তৃতীয় সপ্তাহৰ ভিতৰত বিধেয়ক গৃহীত কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখনীয় যে সবৰীমালা মন্দিৰ প্ৰশাসনৰ বাবে এই বিষয়টো লৈ শীৰ্ষ আদালতখনত আবেদন দাখিল কৰিছিল পণ্ডালাম ৰয়েস কৰ্টে। সবৰীমালাত আছে ডেৰ শতাধিক মন্দিৰ আৰু এই মন্দিৰবোৰ পৰিচালনা কৰি আছে ট্ৰাভাংকোৰ দেৱস্বম বৰ্ডে। ইফালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এগৰাকী আইনী পৰামৰ্শদাতাই উপস্থিত থাকি সবৰীমালাৰ মন্দিৰ তথা প্ৰশাসন সন্দৰ্ভত থকা আইন সংশোধনীৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰে। ইতিমধ্যে এই সন্দৰ্ভত এক খচৰা আইনত মন্দিৰ উপদেষ্টা কমিটিত এক-তৃতীয়াংশ মহিলা প্ৰতিনিধি ৰখাৰ প্ৰস্তাৱ আগবঢ়োৱা বুলিও শীৰ্ষ আদালতক জনোৱা হৈছে।

kerelasabarimala templeseparate law