সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধ হ’বনে ?

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ চীনত ভয়াৱহ ৰূপ লৈছে ক’ৰোনা ভাইৰাছে ।

ইতিমধ্যে চীনত ৪০০ তকৈও অধিক লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ সমান্তৰালকৈ এছিয়াৰ কেইবাখনো দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে । যাৰ বাবে বিশ্বৰ সকলো দেশেই এতিয়া আতংকিত হৈ পৰিছে ।

এই ভাইৰাছ হ’লে প্ৰথমে ৰোগীজনৰ দেহত নিমনীয়া হোৱা পৰিলক্ষিত হয় । ইপিনে এই ভাইৰাছ এজন মানুহৰ পৰা আন এজনৰ দেহলৈ সংক্ৰমিত হয় নে নহয়, সেই লৈ এতিয়াও স্বাস্থ্য বিভাগে কোনো ধৰণৰ তথ্য দাঙি ধৰা নাই ।

ইফালে এই ভাইৰাছৰ প্ৰতিৰোধৰ বাবে এই পৰ্যন্ত কোনোধৰণৰ ঔষধ প্ৰস্তুত হোৱা নাই । ডাক্তৰসকলে জনোৱা মতে এতিয়াও ইয়াক প্ৰতিৰোধী ঔষধ নিৰ্মানত ২-৩ মাহ প্ৰযন্ত সময় লাগিব । কিন্তু যি হাৰত ভাইৰাছবিধ সমগ্ৰ বিশ্বজুৰি সংক্ৰমণ হৈছে, তাৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ স্বাস্থ্য সংস্থাসমূহ চিন্তিত হৈ পৰিছে ।

উল্লেখ্য যে চীনৰ ব্রুহান প্রদেশত প্ৰথমে দেখা দিছিল এই ভাইৰাছে । কিন্তু ক’ৰোনা ভাইৰাছে এতিয়া এনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে বিশ্ব স্বাস্থ্য সংস্থাই সতর্কবাণী জাৰি কৰিছে ৷

চীনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে প্রকাশ কৰা তথ্য মতে আক্রান্ত ৪০০ লোকৰ ভিতৰত ৯ জনৰ মৃত্যু ঘটিছে৷ লক্ষণীয় যে এই আক্রান্তৰ ভিতৰত ১৫ গৰাকী চিকিৎসা কর্মীও আছে ৷

CoronavirusFeaturedক’ৰোনা ভাইৰাছ
Comments (0)
Add Comment