সস্তা হ’ব SBIৰ গৃহ ঋণ, ফিক্সড ডিপ’জিটৰ সুদ হ্রাস

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ দেশৰ বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকৰ (এছ বি আই) গৃহ ঋণ সস্তা হোৱাৰ বিপৰীতে ফিক্সড ডিপ’জিটৰ সুদ হ্রাস পাব৷ কালি আৰ বি আয়ে ৰেপ’ৰেটৰ হাৰ অপৰিৱর্তিত ৰূপত বাহাল ৰখাৰ পৰিপ্রেক্ষিততে এছ বি আয়ে এম চি এল আৰ ৫ বেছিছ পইণ্ট হ্রাস কৰিলে৷ অহা ১০ ফেব্রুৱাৰীৰ পৰা এই নতুন এম চি এল আৰ (ৱান ইয়েৰ মার্জিনেল ক’ষ্ট অৱ ফাণ্ড– বেছড ৰেট) ৭.৮৫ শতাংশ কার্যকৰী হ’ব৷ ইয়াৰ পূর্বে বার্ষিক এম চি এল আৰ আছিল ৭.৯০ শতাংশ৷ এছ বি আয়ে বিবৃতিযোগে এই সিদ্ধান্ত ঘোষণা কৰিছে৷ উল্লেখ্য যে বেংকৰ ফিক্সড ডিপ’জিটৰ হাৰ পূর্বৰ ২৫–৫০ বি পি এছৰ পৰা ১০–৫০ বি পি এছলৈ হ্রাস কৰা হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ফিক্সড ডিপ’জিটৰ সুদৰ হাৰ হ্রাস পাব৷

Comments (0)
Add Comment