সাময়িক ব্যর্থতাৰ অর্থ হ’ল এতিয়াও শ্রেষ্ঠ সময় আহিবলৈ বাকী

দিল্লীৰ তালকাট’ৰা ষ্টেডিয়ামত দুহেজাৰ শিক্ষার্থীৰে প্রধানমন্ত্রীৰ অন্তৰংগ আলাপ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ দেশৰ ৰাজধানী নতুন দিল্লীৰ তালকাট’ৰা ষ্টেডিয়ামত ‘পৰীক্ষা পে চর্চা, ২০২০’ শীর্ষক কার্যসূচীত ২,০০০ শিক্ষার্থীৰ সৈতে অন্তৰংগ আলাপত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ পৰীক্ষাৰ সময়ত শিক্ষার্থীসকলে কেনেকৈ চাপৰ পৰা মুক্ত হ’ব পাৰে, সেই সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সোমবাৰে ‘পৰীক্ষা পে চর্চা’ত শিক্ষার্থীসকলক পৰামর্শমূলক কৌশল–শিক্ষণৰ লগতে পৰীক্ষাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব, তাক ব্যাখ্যা কৰে ৷ ২,০০০ শিক্ষার্থীৰ ভিতৰত ৫০গৰাকী দিব্যাংগ শিক্ষার্থীও তালকট’ৰা ষ্টেডিয়ামত প্রধানমন্ত্রীৰ অন্তৰংগ আলাপত অংশগ্রহণ কৰে ৷ উত্তৰ–পূবৰ ৰাজ্য অৰুণাচল প্রদেশৰ এগৰাকী ছাত্রীয়ে মৌলিক অধিকাৰৰ গুৰুত্বক লৈ সোধা প্রশ্নৰ উত্তৰ দি প্রধানমন্ত্রী মোদীয়ে মৌলিক অধিকাৰ সন্দর্ভত মহাত্মা গান্ধীৰ বক্তব্য দাঙি ধৰে ৷ মৌলিক দায়িত্ব অবিহনে কোনো মৌলিক অধিকাৰ নাই বুলি মহাত্মা গান্ধীৰ ধাৰণাক উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়–আমাৰ অধিকাৰ আৰু দায়বদ্ধতাৰ মাজত গভীৰ সম্পর্ক আছে ৷ আনৰ দ্বাৰা দায়িত্ব পালন কৰাৰ ওপৰত প্রত্যক্ষভাৱে নির্ভৰশীল আমাৰ অধিকাৰ ৷ যদি এগৰাকী শিক্ষকে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰে, তেতিয়াহ’লে শিক্ষার্থীসকলৰ শিক্ষণৰ অধিকাৰ নিশ্চিত হয়৷ স্বাধীনতাৰ এশ বছৰ ২০৪৭ পূর্ণ হোৱাৰ সময়লৈ দেশৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা শিক্ষার্থীসকলে ল’ব লাগিব বুলি উল্লেখ কৰি শিক্ষার্থীসকলৰ প্রজন্মই আমাৰ সংবিধানৰ মৌলিক অধিকাৰসমূহ সঠিকভাৱে দায়বদ্ধতাৰে পালন কৰিব বুলিও আশা ব্যক্ত কৰে প্রধানমন্ত্রী মোদীয়ে ৷

বন্ধৰ দিন কটাবলৈ শিক্ষার্থীৰ লগতে দেশবাসীক উত্তৰ–পূব ভ্রমণ কৰিবলৈ আহ্বান জনাই প্রধানমন্ত্রী মোদীয়ে কয়– আমাৰ দেশখন অতি আমোদজনক৷ ইয়াৰ অভিজ্ঞতা অর্জন কৰা উচিত ৷ উত্তৰ–পূবৰ পূর্বাঞ্চল ভ্রমণ কৰিবলৈ শিক্ষার্থীৰ লগতে দেশবাসীক আহ্বান জনোৱা প্রধানমন্ত্রী মোদীয়ে অৰুণাচলবাসীক ভূয়সী প্রশংসা কৰে ৷ ইজনে সিজনক সম্ভাষণ জনোৱাৰ সময়ত ‘জয় হিন্দ’ বুলি কোৱা দেশৰ একমাত্র ৰাজ্য অৰুণাচল প্রদেশ বুলি উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে ৷ কার্যসূচীৰ আৰম্ভণিতে ২০২০ ইংৰাজী নৱবর্ষৰ শুভেচ্ছা জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে এই বর্ষটো একবিংশ শতিকাৰ তৃতীয় দশকৰ শুভাৰম্ভ বুলিও কয় ৷ দশকটোৰ আৰম্ভণি বর্ষৰ পৰাই দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ শিক্ষার্থীসকলে দেশত গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে দেশে এই দশকটোতে নতুন উচ্চতা, নতুন আশা সঞ্চাৰ দেখিব বুলি কয় ৷ এই সকলো নির্ভৰ কৰিব নতুন প্রজন্মৰ ওপৰত ৷ শিক্ষার্থীসকলক নিচেই পুৱাতে পঢ়িবলৈ পৰামর্শ আগবঢ়াই প্রধানমন্ত্রী মোদীয়ে কয় যে নিচেই পুৱাতে পঢ়া–শুনা কৰিলে তাৰ স্মৃতি দীর্ঘদিন ধৰি মনত থাকে৷ অৱশ্যে প্রত্যেকৰে নিজস্ব ষ্টাইল আছে আৰু তেনে ষ্টাইলতে সুবিধা পায়৷ গতিকে নিশা পঢ়িবলৈ ভালপোৱাজনে নিশাও পঢ়া–শুনা কৰিব পাৰে৷ আনহাতে, চাপ আৰু উত্তেজনা লৈ পৰীক্ষা গৃহত প্রৱেশ নকৰিবলৈ পৰামর্শ দি প্রধানমন্ত্রী মোদীয়ে কয় যে আনে কি কৰি আছে তাক লৈ চিন্তিত নহ’বা ৷ নিজৰ ওপৰত বিশ্বাস ৰাখিবা আৰু যিখিনি প্রস্তুত কৰিছা, তাৰ ওপৰত গুৰুত্ব দিবা৷ পৰীক্ষাৰ সময়ত সহজ প্রশ্ণৰে উত্তৰ আৰম্ভ কৰিবলৈ আহ্বান জনাই প্রধানমন্ত্রী মোদীয়ে কয় যে শিক্ষার্থীসকলে তেনে কৰিলে আত্মবিশ্বাস বৃদ্ধি হ’ব আৰু প্রশ্ণৰ উত্তৰ শুদ্ধভাৱে কৰাত সুবিধা পাব৷ বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰি থাকিলেও ‘পৰীক্ষা পে চর্চা’ তেওঁৰ হূদয়স্পর্শী বুলি আখ্যা দি প্রধানমন্ত্রী মোদীয়ে কয় যে প্রেৰণা আৰু হতাশা অতি সাধাৰণ৷ প্রত্যেকেই এই পৰিস্থিতিক অনুভৱ কৰে৷ এইক্ষেত্রত তেওঁ চন্দ্রযান–২ অভিযানৰ সময়ত ইছৰো ভ্রমণৰ সময়ছোৱা তেওঁ কেতিয়াও পাহৰিব নোৱাৰে বুলি কয়৷ সেই সময়ছোৱাত তেওঁ কঠোৰ পৰিশ্রমী বিজ্ঞানীসকলৰ সৈতে সময় কটাইছিল৷ এই প্রসংগৰে প্রধানমন্ত্রী মোদীয়ে কয়– সাময়িক ব্যর্থতাই এয়া নুবুজায় যে সফলতাই অপেক্ষা কৰি থকা নাই৷ ব্যর্থতাৰ অর্থ এয়া যে শ্রেষ্ঠ সময়খিনি এতিয়াও বাকী আছে৷ আমি হতাশাজনক পৰিস্থিতিক এটা উজ্জ্বল ভৱিষ্যতলৈ ৰূপান্তৰিত কৰাৰ প্রয়াস অব্যাহত ৰখা উচিত ৷

আনপিনে ২০০১ চনত অষ্ট্রেলিয়া বনাম ভাৰতৰ টেষ্ট মেচত পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰি কঠিন পৰিস্থিতিক উধাই গৈ দলটোক জয়ী কৰা ক্রিকেটাৰ ৰাহুল দ্রাৱিড় আৰু ভি ভি এছ লক্ষ্মণৰ উদাহৰণ দাঙি ধৰি প্রধানমন্ত্রী মোদীয়ে কয়– আঘাতপ্রাপ্ত হৈও অনিল কুম্বলে অবিশ্বাস্য বলিঙেৰে দেশৰ ক্রিকেট দলক জয়ী কৰিছিল৷ এয়াই হৈছে ইতিবাচক প্রেৰণাৰ ক্ষমতা৷ অধ্যয়ন আৰু পাঠ্যক্রম বহির্ভূত কার্যকলাপৰ মাজত ভাৰসাম্য ৰক্ষা কৰি কিদৰে এগৰাকী শিক্ষার্থীয়ে শৈক্ষিক কেৰিয়াৰৰ লগতে পাঠ্যক্রম বহির্ভূত কার্যকলাপত সফল হ’ব পাৰে, তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে প্রধানমন্ত্রীগৰাকীয়্৷ পাঠ্যক্রম বহির্ভূত কার্যকলাপত যদি এগৰাকী শিক্ষার্থীয়ে নিজকে জড়িত কৰিব নোৱাৰে, তেতিয়াহ’লে সেই শিক্ষার্থীগৰাকী এটা ৰবটৰ লেখীয়া হৈ পৰে বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷ সাম্প্রতিক সময়ত অনেক সুযোগ আহিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে আজিৰ প্রজন্মক নিজৰ পছন্দ অনুসৰি পাঠ্যক্রম বহির্ভূত কার্যকলাপত জড়িত হ’বলৈ পৰামর্শ দিয়ে৷ অৱশ্যে পিতৃ–মাতৃক তেওঁলোকৰ সন্তানক ফেশ্বন অথবা কলিং কার্ড হিচাপে পাঠ্যক্রম বহির্ভূত কার্যকলাপত সন্তানৰ ইচ্ছাৰ বিপৰীতে বলপূর্বক জড়িত নকৰিবলৈও আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়্৷ সন্তানৰ ইচ্ছা অনুযায়ী ক্ষেত্রখনত নিজকে আত্মনিয়োগ কৰাৰ বাবেও সুযোগ দিবলৈ পিতৃ–মাতৃ তথা অভিভাৱকক আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়্৷ নম্বৰভিত্তিক পৰীক্ষা ব্যৱস্থাৰ ওপৰত মন্তব্য কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে বিভিন্ন পৰীক্ষাৰ নম্বৰৰ আধাৰত সফলতাত শিক্ষার্থীৰ লগতে অভিভাৱকসকলেও গুৰুত্ব আৰোপ কৰে৷ যাৰ বাবে শিক্ষার্থীৰ লগতে পিতৃ–মাতৃও এক বেমেজালিৰ মাজত সোমাই পৰে৷ পৰীক্ষাক সফলতা অথবা বিফলতা হিচাপে লোৱাৰ মানসিকতাক সলনি কৰাৰ আহ্বান জনাই প্রধানমন্ত্রীগৰাকীয়্ কয়– নম্বৰেই জীৱন নহয়৷ তেনেদৰে আমাৰ সমগ্র জীৱনৰ কাৰণে পৰীক্ষাই সিদ্ধান্তকাৰী কাৰক নহয়৷ পৰীক্ষা গুৰুত্বপূর্ণ৷ কিন্তু পৰীক্ষাই জীৱন নহয়৷ গতিকে সকলোৱে এই মানসিকতাৰ পৰা আঁতৰি অহা উচিত৷ ইপিনে শিক্ষাত প্রযুক্তি প্রয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– প্রযুক্তিৰ শংকা ভাল নহয়৷ প্রযুক্তি এগৰাকী বন্ধু৷ প্রযুক্তিৰ জ্ঞানে সকলো নহয়৷ ইয়াৰ প্রয়োগ গুৰুত্বপূর্ণ৷ প্রযুক্তি হৈছে আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ৷ কিন্তু যদি আমি ইয়াৰ অপব্যৱহাৰ কৰোঁ, ইয়ে আমাৰ মূল্যৱান সময় আৰু সম্পদ কাঢ়ি নিব৷ লক্ষণীয় যে শিক্ষার্থীসকলক প্রযুক্তিৰ গোলাম হোৱাৰ বিপৰীতে প্রযুক্তিৰ বন্ধু হ’বলৈ পৰামর্শ প্রদান কৰি প্রধানমন্ত্রী মোদীয়ে কয়– স্মার্ট ফোনে সময়বোৰ হৰণ কৰি আছে৷ ইয়াৰ বিপৰীতে শিক্ষার্থীসকলে প্রকৃত বিশ্বত সময় কটাব লাগে৷ স্মার্ট ফোন ব্যৱহাৰৰ সময়ৰ দহ শতাংশ নিজৰ পিতৃ–মাতৃ আৰু ককা–আইতাকৰ লগতে পৰিয়ালৰ আন লগৰ সৈতে কটাব লাগে৷

Featured
Comments (0)
Add Comment