হাত-ভৰিত ৩২ আঙুলি , মানুহে কয় ডাইনী …

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ এগৰাকী ৬৫ বছৰীয়া মহিলা । নাম নায়ক কুমাৰী । সচৰাচৰ মানুহৰ হাত আৰু ভৰিত থকা মুঠ আঙুলিৰ ২০ টাৰ পৰিৱৰ্তে ৩২ টা আঙুলি থকাৰ বাবে এতিয়া চৰ্চালৈ আহিছে এইগৰাকী বয়োজ্যেষ্ঠ মহিলা । জন্মৰ পৰাই দুই ভৰিৰ আঙুলি ২০ আৰু দুয়োটা হাতৰ আঙুলি ১২ হোৱাৰ হেতুকে এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলোৱা বন্ধ কৰি দিছে মহিলাগৰাকীয়ে । প্ৰতিবেশী সকলে নায়ক কুমাৰীৰ এই অৱস্থাৰ বাবেই এতিয়া ডাইনী বুলি অভিহিত কৰিছে ।

ওড়িশাৰ গঞ্জাম জিলাৰ কাদাপাদা গাঁৱৰ নায়ক কুমাৰীয়ে এতিয়া নিজৰ যন্ত্ৰণাৰ কথা বিৱৰি কৈছে সংবাদমাধ্যমক । জন্মৰ পৰাই থকা এই অস্বাভাৱিক আঙুলিৰ চিকিৎসা কৰাবলৈ অসমৰ্থ দৰিদ্ৰ কুমাৰীক এতিয়া গাঁৱৰ মানুহে ডাইনী বুলি কোৱাত শংকিত হৈ পৰিছে নায়ক কুমাৰী । অৱশ্যে নায়ক কুমাৰীৰ এই বিষয়টোক অস্বাভাৱিক আখ্যা দিব বিচৰা নাই ডা০ পিনাকী মহন্তিয়ে । তেওঁ উল্লেখ কৰা অনুসৰি এইটো হৈছে প’লিডাকটেলি, এয়া কোনো অস্বাভাৱিক নহয় । প্ৰতি ৫,০০০ মানুহৰ ভিতৰত ১ অথবা ২জন লোকৰ ক্ষেত্ৰত এইদৰে দেখা যায় বিশেষ আঙুলি ।

Featured