হিন্দীত চিকিৎসা বিজ্ঞানৰ বাবে লিখা গ্রন্থ উন্মোচন গৃহমন্ত্রী অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ দেশত প্রথমবাৰৰ বাবে হিন্দী ভাষাত লিখা চিকিৎসা বিজ্ঞানৰ গ্রন্থ পঢ়ুওৱা হ’ব শিক্ষার্থীসকলক৷ মধ্যপ্রদেশৰ চিকিৎসা বিজ্ঞানৰ প্রথম বর্ষৰ শিক্ষার্থীসকলৰ বাবে হিন্দীত লিখা গ্রন্থ এখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে গৃহমন্ত্রী অমিত শ্বাহে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে আজি এই কথা সদৰী কৰিছে৷ সম্প্রতি চৰকাৰী কাম–কাজত হিন্দী ব্যৱহাৰৰ প্রস্তাৱ আগবঢ়াইছে কেন্দ্রীয় চৰকাৰে৷ তাৰ মাজতে এই ঘোষণা কৰিলে মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে৷ মধ্যপ্রদেশৰ মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি এই সিদ্ধান্তৰ ফলত হিন্দীত চিকিৎসা বিজ্ঞান বা অভিযান্ত্রিক অধ্যয়ন সম্ভৱ নহয় বুলি থকা ধাৰণা সম্পূর্ণৰূপে সলনি হ’ব৷