১০ ডিচেম্ৱৰত ৩৭০ অনুচ্ছেদ বিলুপ্তিৰ শুনানি

কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাত প্ৰত্যাহ্ৱান

নতুন দিল্লীঃ সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু-কাশ্মীৰৰ পুনৰ গঠনৰ জৰিয়তে উপত্যকা প্ৰদেশখনক দুই কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ ঘটনাক প্ৰত্য়াহ্ৱান জনাই উচ্চতম ন্যায়ালয়ে জনোৱা এলানি আৱেদনৰ শুনানি সাংবিধানিক বিচাৰপীঠে ১০ডিচেম্ৱৰৰ পৰা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। এই বিষয়টো সন্দৰ্ভত  দাখিল হোৱা আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ বাবে শীৰ্ষ আদালতখনৰ সাংবিধানিক বিচাৰপীঠে ১০ ডিচেম্ৱৰৰ দিনটো ঠিৰাং কৰিছে। উল্লেখনীয় যে কেইবাগৰাকীও কাশ্মীৰি ৰাজনীতিক আৰু মানৱ অধিকাৰ কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰ বিষয়টোক প্ৰত্য়াহ্ৱান জনাই উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল।

৩৭০ অনুচ্ছেদ বিলুপ্তিৰ শুনানি