১৭ নৱেম্বৰত ভাৰত ভ্ৰমণলৈ ভূটানৰ বৈদেশিক মন্ত্ৰী

পাঁচ দিনীয়া হ'ব এই ভ্ৰমণ কাৰ্যসূচী

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ ভূটানৰ বিদেশ মন্ত্ৰী তন্দী দৰজী অহা ১৭ নৱেম্বৰত ৫ দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিব। বিদেশ মন্ত্ৰালয়ৰ পৰা এক বিবৃত্তিক প্ৰকাশ যে ভূটানৰ বিদেশ মন্ত্ৰী দেওবাৰে পুৱা দিল্লীত উপস্থিত হ’ব আৰু বৈদেশিক সচিব বিজয় গোখলৰ লগত আলোচনাত বহিব। তাৰ পিছত দ্বিতীয় দিনা ১৮ নৱেম্বৰত বিয়লি হায়দৰাবাদ হাউচত বিদেশ মন্ত্ৰী এচ জয়শংকৰৰ লগত মিলিত হ’ব। মঙলবাৰে ভূটনাৰ বৈদেশিক মন্ত্ৰী জন বিহাৰৰ বৌদ্ধ গয়ালৈ যাত্ৰা কৰিব। তাত দুদিন কটাই বৃহস্পতিবাৰে কলকাতাত উপস্থিত হ’ব আৰু পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড় আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী লগত সাক্ষাৎ কৰিব। লগতে শুকুৰবাৰে কলকাতাৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। দৰজী পুনৰ শনিবাৰে ভূটানলৈ উৰা মাৰিব।

bhutanFeaturedforeign ministervisit india