১৯৭১ ৰ পিছত অহা বাংলাদেশীক ভূমি দিব মমতাই

কেন্দ্রীয় চৰকাৰৰ এনআৰচি প্রস্তুতৰ সিদ্ধান্তক প্রত্যাহ্বান পশ্চিমবংগৰ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ পশ্চিমবংগত তিনিটাকৈ বিধানসভা সমষ্টিৰ উপ–নির্বাচন চলি থকা সময়তে মুখ্যমন্ত্রী মমতা বেনার্জীৰ কেবিনেটে ১৯৭১ ৰ যুদ্ধৰ পিছত অহা বাংলাদেশী লোকসকলক ভূমিৰ অধিকাৰ প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে ৷ লক্ষণীয়ভাৱে ’৭১ৰ যুদ্ধৰ পিছত ৰাজ্যখনত আহি আশ্রয় গ্রহণ কৰি থকা শৰণার্থীসকলক ভূমিৰ অধিকাৰ প্রদান কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে বিষয়টোক লৈ দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য ৷ কেন্দ্রীয় চৰকাৰে দেশজুৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি) প্রস্তুতৰ সিদ্ধান্ত লোৱাৰ পিছতেই মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ চৰকাৰে ইয়াৰ জৰিয়তে কেন্দ্রক প্রত্যাহ্বান জনাবলৈ সংকল্প লৈছে ৷ স্মর্তব্য যে ’৭১ৰ বাংলাদেশ যুদ্ধৰ পিছত দেশখনৰ পৰা অহা কেইবালাখ লোক এতিয়াও আশ্রয় শিবিৰত নাইবা কোনো ব্যক্তি তথা প্রতিষ্ঠানৰ শৰণাপন্ন হৈ আছে ৷ এনে লোকসকলক ভূমিৰ অধিকাৰ প্রদান কৰাৰ লগে লগে এই লোকসকল হৈ পৰিব দেশৰ নাগৰিক ৷ এইক্ষেত্রত তাৎক্ষণিকভাৱে চৰকাৰে ১ লাখ ২৫ হাজাৰ পৰিয়ালক চিনাক্ত কৰি তেওঁলোকক ভূমিৰ অধিকাৰ প্রদানৰ সিদ্ধান্ত লৈছে ৷ এই পৰিয়ালবোৰৰ ৫৫ হাজাৰে আশ্রয় গ্রহণ কৰি আছে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ভূমিত ৷ আনফালে ১৩,৩৫৩ পৰিয়ালে আশ্রয় গ্রহণ কৰি আছে ৰাজ্য চৰকাৰৰ অধীনস্থ ভূমিত ৷ মমতা বেনার্জীয়ে মন্ত্রী পৰিষদৰ বৈঠকত এই তথ্য সদৰী কৰি সকলো শৰণার্থীকে ৰাজ্যখনত ভূমিৰ অধিকাৰ প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে ৷ বিভিন্ন সময়ত ব্যক্তিগত প্রতিষ্ঠান তথা কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ভূমিত থকা শৰণার্থীসকলক উচ্ছেদ নটিচ প্রদান কৰি আতিশয্য চলাই থকা হৈছে বুলিও মুখ্যমন্ত্রী গৰাকীয়ে উল্লেখ কৰে ৷ এই লোকসকলে পশ্চিমবংগত ভূমিৰ অধিকাৰ ন্যায়সংগতভাৱে পাব বুলি উল্লেখ কৰি নেত্রীগৰাকীয়ে যে কেন্দ্রীয় চৰকাৰৰ এনআৰচি প্রস্তুতৰ সিদ্ধান্তক প্রত্যাহ্বান জনাইছে, সেয়া স্পষ্ট কৰি দিছে ৷