২০০৯ চনৰ পৰা ১২৫ কোটি আধাৰ কার্ড প্রদান

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ইউনিক আইডেণ্টিফিকেচন অথ’ৰিটী অৱ ইণ্ডিয়াই ঘোষণা কৰিছে যে এতিয়ালৈকে ভাৰতত ১২৫ কোটি আধাৰ কার্ড মুকলি কৰা হৈছে৷

২০০৯ চনৰ পৰা দেশৰ ১২৫ কোটি লোকে ১২টা সংখ্যাৰ আধাৰ কার্ড লাভ কৰিছে বুলি কেন্দ্রীয় চৰকাৰৰ সূত্রত প্রকাশ৷

ভাৰতত বিভিন্ন ক্ষেত্রত এজন নাগৰিকৰ বাবে আধাৰ কার্ড প্রাৰম্ভিক পৰিচয়পত্র ৰূপে পৰিগণিত হৈছে৷ বর্তমানলৈকে ইউআইডিএৱায়ে ৩৩১ কোটি বায়’মেট্রিক আৰু ডেম’গ্রাফিক আধাৰ আপডেটে গ্রহণ কৰিছে৷

প্রতিদিনে ভাৰতত ৩–৪ লাখ আধাৰ আপডেটৰ অনুৰোধ অহা বুলি ইউআইডিএৱাইৰ সূত্রত প্রকাশ৷

Featured
Comments (0)
Add Comment